আন্তঃৰাষ্ট্ৰীয়খেলবিশ্ব
Trending

এইবাৰ দ্ৰাবিড় নহয় ! অলিম্পিকত কোন এই ভাৰতীয় মহিলা? ‘দ্যা গ্ৰেট ৱাল অৱ ইণ্ডিয়া’

এইবাৰ দ্ৰাবিড়ৰ পৰিৱৰ্তে আন এগৰাকী ভাৰতীয় খেলুৱৈকহে ‘দ্যা গ্ৰেট ৱাল অৱ ইণ্ডিয়া আখ্যা দিবলৈ বিচাৰিছে অষ্ট্ৰেলিয়াৰ উচ্চায়ুক্তই

‘দ্যা গ্ৰেট ৱাল অৱ ইণ্ডিয়া’ বুলি ক’লেই সকলোৰে মনলৈ আহে ৰাহুল দ্ৰাবিড়ৰ নাম। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কোনো বিধ্বংসী বলাৰেই সহজতে উইকেট লবলৈ সক্ষম নহৈছিল দ্ৰাবিড়ৰ। উইকেটত দ্ৰাবিড় হৈ পৰিছিল এখন দেৱাল সদৃশ। যাৰ বাবে তেওঁক আখ্যা দিয়া হৈছিল ‘দ্যা গ্ৰেট ৱাল অৱ ইণ্ডিয়া’ বুলি। কিন্তু এইবাৰ দ্ৰাবিড়ৰ পৰিৱৰ্তে আন এগৰাকী ভাৰতীয় খেলুৱৈকহে ‘দ্যা গ্ৰেট ৱাল অৱ ইণ্ডিয়া আখ্যা দিবলৈ বিচাৰিছে অষ্ট্ৰেলিয়াৰ উচ্চায়ুক্তই।

অলিম্পিকত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ভাৰতীয় মহিলা দলটোৱে অভিলেখ সৃষ্টি কৰিছে। সমগ্ৰ দেশৰ লগতে বিশ্বৰ ক্ৰীড়া জগতত প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে ভাৰতীয় মহিলা হকী দলটোৰ সদস্যসকল। কিন্তু তাৰ মাজতে এই দলটোৰ এগৰাকী বিশেষ সদস্যক লৈ সৰৱ হৈছে আলোচনা। তেওঁক লৈ চলিছে ভীষণ চৰ্চা।

ভাৰতীয় মহিলা হকী দলটোৰ গ’লৰক্ষক সবিতা পুনিয়াই অলিম্পিকত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা মেচখনত ৯ টাকৈ পেনাল্টি কৰ্ণাৰ ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। যাৰ বাবে ভাৰতে মেচখনত জয় লাভ কৰিবলৈ সক্ষম হ’ল। অষ্ট্ৰেলিয়াৰ সন্মুখত সবিতা হৈ পৰিল এখন দেৱাল। যাৰ বাবে ভাৰতত থকা অষ্ট্ৰেলিয়াৰ হাই কমিছনাৰ বেৰী অ’ফাৰেলে সবিতা পুনিয়াক ‘দ্যা গ্ৰেট ৱাল অৱ ইণ্ডিয়া’ বুলি আখ্যা দিছে।

কেৱল যে, বেৰী অফাৰেলেই পুনিয়াক ৱাল আখ্যা দিছে তেনে নহয়, আন বহু ভাৰতীয় আৰু মহিলা হকী দলটোৰ সদস্য সকলেও পুনিয়াক ৱাল আখ্যা দিছে। সোমবাৰৰ দিনটোত গোটেই সামাজিক মাধ্যমত সবিতা পুনিয়াৰ বিষয়েই চৰ্চা চলি থাকিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.