অসমদৈনিক বাতৰিবলিউডবিশ্ববোলছবিসংগীত

হত্যা নে মৃত্যু?? KKৰ মৃত্যুক Unnatural death’ আখ্যা! কলকাতা আৰক্ষীয়ে ৰুজু কৰিলে গোচৰ…

বুধবাৰে কলকাতা আৰক্ষীয়ে Unnatural death’ৰ গোচৰ ৰুজু কৰিছে। নিউ মাৰ্কেট আৰক্ষী থানাত ৰুজু কৰা হৈছে গোচৰটো

কে কে নামেৰে পৰিচিত প্লেবেক গায়ক কৃষ্ণকুমাৰ কুন্নাথৰ মঙলবাৰে সন্ধিয়া কলকাতাত শেষ নিশ্বাস ত্যাগ কৰে। সেই সময়ত তেওঁৰ বয়স আছিল ৫৩ বছৰ। কলকতাৰ নাজৰুল মঞ্চত গুৰুদাস মহাবিদ্যালয়ৰ এক অনুষ্ঠান পৰিৱেশন কৰি থকা অৱস্থাত অসুস্থ হৈ পৰাত সংগীতজ্ঞগৰাকীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

বুধবাৰে কলকাতা আৰক্ষীয়ে Unnatural death’ৰ গোচৰ ৰুজু কৰিছে। নিউ মাৰ্কেট আৰক্ষী থানাত ৰুজু কৰা হৈছে গোচৰটো। খবৰ অনুসৰি তেওঁৰ মুখ আৰু মূৰত আঘাত পোৱা গৈছে। লগতে হোটেলৰ কৰ্মচাৰী আৰু অনুষ্ঠান আয়োজকসকলৰ সৈতেও কথা পাতিব আৰক্ষীয়ে।

কলতকাৰ চি এম আৰ আই চিকিৎসালয়ত মৃত অৱস্থাত অনা বুলি ঘোষণা কৰা হয় প্ৰয়াত কণ্ঠশিল্পী গৰাকীক। আজি এছ এছ কে এম হাস্পতালত প্লেবেক কণ্ঠশিল্পী গৰাকীৰ মৰণোত্তৰ পৰীক্ষা কৰা হ’ব।

হিন্দী, তামিল, তেলেগু, কানাড়া, বাংলাকে ধৰি কেইবাটাও ভাষাত গীতত কণ্ঠদান কৰি থৈ গৈছে কন্ঠশিল্পীগৰাকীয়ে। ৫৩ বছৰীয়া গায়কগৰাকীয়ে ভাৰতীয় চলচ্চিত্ৰ জগতৰ অন্যতম বহুমুখী গায়ক হিচাপে পৰিগণিত হৈছিল।

এটা ধুনীয়া গানৰ দৰেই শেষ হৈ গ’ল KKৰ জীৱন। KKৰ অকাল বিয়োগত এতিয়া স্তব্ধ হৈ পৰিছে সংগীতজগত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 − one =

Back to top button