দিল্লীপৰিৱেশপ্ৰদূষণ

কুঁৱলী বুলি ভুল নকৰিব, শীতকালত এয়া কুঁৱলীৰ আচ্ছাদন নহয় বায়ু প্ৰদূষণেৰেহে আৱৰিছে ৰাজধানী দিল্লী

বায়ু প্ৰদূষণৰ ফলত বিপদত পৰিছে দিল্লীবাসী। চকুৰ জ্বলা-পোৰা, শ্বাস-প্ৰশ্বাসজনিত সমস্যা, কাহ, বুকুৰ বিষত ভুগিছে দিল্লীৰ জনতাই।

ৰাজধানী দিল্লী এতিয়া ধুনীয়া নহয়। কিয়নো এতিয়া প্ৰদূষণেৰে ছানি ধৰিছে দেশৰ ৰাজধানী দিল্লী।

দীপাৱলী উদযাপনৰ দুদিন পিছতো প্ৰদূষণে লগ এৰা নাই দিল্লীক। দীপাৱলী উপলক্ষে জ্বলোৱা ফটকা, আতচবাজিৰ ধোঁৱাই আজি পৰ্যন্ত আৱৰি ৰাখিছে দিল্লীৰ চৌপাশ।

বায়ু প্ৰদূষণৰ ফলত বিপদত পৰিছে দিল্লীবাসী। চকুৰ জ্বলা-পোৰা, শ্বাস-প্ৰশ্বাসজনিত সমস্যা, কাহ, বুকুৰ বিষত ভুগিছে দিল্লীৰ জনতাই।

প্ৰতি বছৰৰ দৰে এইবাৰো দিল্লীত দীপাৱলীৰ সময়ত ফটকা, আতচবাজি ফুটোৱা হৈছিল যদিও এইবাৰ যেন ৰুষ্ট হৈ পৰিল প্ৰকৃতি। যাৰবাবে দিল্লীৰ বায়ুমণ্ডল ভৰি পৰিছে বিষাক্ত ধোঁৱাৰে।

উল্লেখ্য় যে, শীতকালত দিল্লীৰ বায়ুৰ চলাচল যথেষ্ট কম হৈ পৰে, সেই সময়তে উৎসৱৰ বতৰত ফুটোৱা ফটকাৰ ফলত বায়ু প্ৰদূষণ বৃদ্ধি পোৱাত দিল্লীৰ বায়ুৰ গুণগত মান যথেষ্ট হ্ৰাস হৈ পৰিছে। সেয়েহে দিল্লীত বৃদ্ধি পাইছে শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগি থকা ৰোগীৰ সংখ্যা। আনকি ৰোগীসকলৰ বাবে অক্সিজেনৰো ব্যৱস্থা কৰিবলগীয়া হৈছে দিল্লীৰ হাস্পতালসমূহত।

কিন্তু, এই সকলোবোৰৰ বাবে দায়ী সমাজৰেই একাংশ। যি সময়ত একাংশই প্ৰকৃতিৰ সুৰক্ষাৰ বাবে চিন্তা কৰি প্ৰতিবছৰে সেউজ দীপাৱলী উদযাপন কৰি আহিছে, সেই সময়তে একাংশই প্ৰকৃতিৰ কথা চিন্তা নকৰি দীপাৱলীত জ্বলোৱা ফটকা, আতচবাজিৰ বাবেই ক্ৰমাৎ বৃদ্ধি পাইছে বায়ু প্ৰদূষণৰ সমস্যা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.