Socialঅসম

শক্তি বিভাগৰ ফোপোলা স্বৰূপ, বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু কৃষকৰ, আহত দুজন

পুৱা হাল বাবলৈ যোৱাৰ সময়তে মৃত্যুক সাৱটি লয় লোকজনে। এই ঘটনাত মৃত্যু হয় এটা হালোৱা গৰুৰ

বাহিৰে ৰংচঙীয়া ভিতৰে কোৱাভাতুৰী। শক্তি মন্ত্ৰীয়ে ৰাজ্যৰ শক্তি বিভাগৰ উন্নয়নৰ কথা সভাই-সমিতিয়ে ঘোষণা কৰি থকাৰ সময়তে ৰাজ্যত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু তিনিজন লোকৰ।

দেওবাৰে পুৱা প্ৰায় ৪:৩০ বজাত জাগীৰোডত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু কৃষকৰ। নিহত লোকজনৰ নাম শিৱ গগৈ। পুৱা হাল বাবলৈ যোৱাৰ সময়তে মৃত্যুক সাৱটি লয় লোকজনে। এই ঘটনাত মৃত্যু হয় এটা হালোৱা গৰুৰ।

উল্লেখযোগ্য যে, পথত পৰি থকা এডাল বিদ্যুৎ পৰিবাহী তাঁৰৰ বাবেই সংঘটিত হয় এই ঘটনা। পুৱা প্ৰায় ৪:৩০ বজাতেই এই ঘটনা সংঘটিত হৈছিল যদিও বহু সময় ধৰি বিদ্যুৎ বিভাগৰ কোনো কৰ্মচাৰী উপস্থিত নোহোৱাত ক্ষোভিত জনতাই অৱৰোধ কৰে জাগীৰোড-মৰিগাঁও পথ। লগতে মৃত লোকজনৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰো দাবী উত্থাপন কৰে। বিদ্যুৎ বিভাগৰ বিৰুদ্ধে অমনোযোগিতাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে।

ইয়াৰ সমান্তৰালকৈ মহানগৰীৰ নাৰেংগীতো সংঘটিত হয় এক ভয়ংকৰ ঘটনা। বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত হয় দুজন লোক। নাৰেংগীৰ কলংপাৰ বজাৰত সংঘটিত হোৱা ঘটনাত আহত লোক দুজন ক্ৰমে আলম দেৱান, ৰামেন্দ্ৰ নাথ চৌধুৰী। দুয়োজনকে গেট হাস্পতালত ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয়।

এই ঘটনাৰ পাছতে এতিয়া প্ৰশ্ন হয়। সংস্কাৰ সাধন, প্ৰগতিৰ জয়গান গাই ফুৰা শক্তি মন্ত্ৰী বিমল বৰাৰ অমনোযোগিতাৰ বাবেই সংঘটিত হ’ল নেকি এই ভয়ানক ঘটনা!

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − 9 =

Check Also
Close
Back to top button