কেৰালাদুৰ্ঘটনাপৰিৱেশপ্ৰাকৃতিক দুৰ্যোগবতৰ

বতৰৰ অস্বাভাৱিক পৰিৱৰ্তনৰ ভয়াৱহ ৰূপ! উপায়হীন মানৱ

উত্তৰাখণ্ড আৰু কেৰালাত বানপানী-খহনীয়াৰ তাণ্ডৱত এতিয়ালৈ ৭৪জন লোক নিহত হোৱাৰ লগতে সন্ধানহীন হৈ আছে বহু লোক

বতৰৰ অস্বাভাৱিক পৰিৱৰ্তনৰ ভয়াৱহ ৰূপ। প্ৰকৃতিৰ তাণ্ডৱত উপায়হীন মানৱ।

দেশৰ ভিন্ন প্ৰান্তত অব্যাহত অস্বাভাৱিক মূষলধাৰ বৰষুণ। নেৰানেপেৰা বৰষুণত কেউদিশে সৃষ্টি হৈছে বানপানী-খহনীয়াৰ তাণ্ডৱ।

উত্তৰাখণ্ড আৰু কেৰালাত বানপানী-খহনীয়াৰ তাণ্ডৱত এতিয়ালৈ ৭৪জন লোক নিহত হোৱাৰ লগতে সন্ধানহীন হৈ আছে বহু লোক।

ৰাজ্য দুখনত ডাৱৰ বিস্ফোৰণ, ভূমিস্খলনৰ ফলত ইতিমধ্যে ব্যাপক ক্ষয়-ক্ষতি হৈছে। উত্তৰাখণ্ডত উদ্ধাৰ অভিযানত নামিছে বায়ুসেনা।

কেৰালাত বৰষুণ আৰু বানপানীৰ ফলত ২৭জন লোক নিহত হোৱাৰ লগতে ৰাজ্যখনৰ ১১খন জিলাত সতৰ্কতা জাৰি কৰা হৈছে।

আনহাতে উত্তৰাখণ্ড আৰু নেপালত হোৱা প্ৰচুৰ বৰষুণে ভাবুকি কঢ়িয়াইছে উত্তৰ প্ৰদেশলৈ। চুবুৰীয়া ৰাষ্ট্ৰ নেপালত হোৱা বৰষুণৰ ফলত এতিয়ালৈ ২১জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.