দৈনিক বাতৰিপৰিৱেশপ্ৰদূষণবতৰ

দিল্লীত অশান্ত বতাহ! কেতিয়া খুলিব বিদ্যালয় মহাবিদ্যালয়?

বায়ু গুণমান ব্যৱস্থাপনা আয়োগে (CAQM) ইতিমধ্যে দিল্লী আৰু ইয়াৰ চাৰিওফালৰ অঞ্চলত প্ৰদূষণৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে

দেশৰ ৰাজধানী দিল্লীত বৰ্ধিত প্ৰদুষণৰ ফলত সমগ্ৰ ৰাজ্যখনৰ লগতে বিদ্যালয়, মহাবিদ্যালয়সমুহতো প্ৰভাৱ পৰিছে। পুনৰ অনলাইনলৈ স্থানান্তৰ হৈছে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ।

ক’ভিড পৰিস্থিতি কিছু নিয়ন্ত্ৰনলৈ অহাৰ পাছত মুকলি হোৱা বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ পুনৰ এবাৰ অনলাইনযোগে আৰম্ভ হৈছে। কেন্দ্ৰীয় চৰকাৰৰ এটা পেনেলে মঙলবাৰে নিশা জাৰি কৰা এক নিৰ্দেশনাত কৈছে যে, দিল্লী-এনচিআৰৰ সকলো বিদ্যালয় বন্ধ থাকিব আৰু শ্ৰেণীসমূহ বুধবাৰৰ পৰা অনলাইন চলিব।

বায়ু গুণমান ব্যৱস্থাপনা আয়োগে (CAQM) ইতিমধ্যে দিল্লী আৰু ইয়াৰ চাৰিওফালৰ অঞ্চলত প্ৰদূষণৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে।

CAQMএ জনাই যে, ২১ নৱেম্বৰৰ ভিতৰত কমেও ৫০ শতাংশ বিষয়াক ঘৰৰ পৰা কাম কৰিবলৈ অনুমতি দিয়া হ’ব। তাৰোপৰি ব্যক্তিগত কাৰ্যালয়তো একে ধৰণৰ ব্যৱস্থা কৰা উচিত। আয়োগে লগতে কয় যে, দিল্লীত সকলো ট্ৰাকৰ প্ৰৱেশ ২১ নৱেম্বৰলৈকে নিষিদ্ধ কৰা হৈছে। এই নিষেধাজ্ঞা কেৱল অপ্ৰয়োজনীয় সামগ্ৰী যোগান ধৰা ট্ৰাকৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। ইয়াৰ সৈতে, মেট্ৰ’, প্ৰতিৰক্ষা, বিমানবন্দৰৰ বাহিৰে সকলো নিৰ্মাণ কাৰ্যও ২১ নৱেম্বৰলৈকে বন্ধ ৰখা হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.