অসমদৈনিক বাতৰি

বৰপেটাৰোডত অমানৱীয় কাণ্ড! আৰক্ষী থানাৰ ভিতৰতে প্ৰভুভক্ত কুকুৰক নিৰ্যাতনৰ অভিযোগ

বৰপেটাৰোডত অমানৱীয় কাণ্ড! আৰক্ষী থানাৰ ভিতৰতে প্ৰভুভক্ত কুকুৰক নিৰ্যাতনৰ অভিযোগ

বৰপেটাৰোডত অমানৱীয় কাণ্ড। বৰপেটাৰোড আৰক্ষী থানাৰ ভিতৰত প্ৰভুভক্ত কুকুৰক নিৰ্যাতন। আৰক্ষীৰ বিৰুদ্ধে অভিযোগ। থানাৰ ভিতৰৰ পৰা বস্তাত ভৰাইথোৱা অৱস্থাত এটি কুকুৰ পোৱালীক উদ্ধাৰ কৰে স্বেচ্ছাসেৱী সংগঠনৰ সদস্যসকলে। থানাৰ ভিতৰত কাম কৰি থকা এগৰকী শ্ৰমিকৰ ভাষ্য অনুসৰি এগৰাকী আৰক্ষীৰ লোকে বস্তাত ভৰাই ৰাখিছিল কুকুৰ পোৱালিটোক।

এই খবৰ লাভ কৰি বৰপেটাৰোডৰ প্ৰকৃতি প্ৰেমী যুৱতী নিলম দাসৰ নেতৃত্বৰ স্বেচ্ছাসেৱী সংগঠনৰ সদস্যসকলে উদ্ধাৰ কৰে কুকুৰ পোৱালীটোক। যোৱা ২৭ জুনত সংঘটিত হোৱা এই ঘটনা সন্দৰ্ভত নিলম দাস নামৰ যুৱতীগৰাকীয়ে বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰপ্ত বিষয়াক অৱগত কৰাৰ লগতে জিলা উপায়ুক্তক লিখিত অভিযোগ দিছিল যদিও আজিলৈ কোনো ব্যৱস্থাই গ্ৰহন নকৰিলে প্ৰশাসনে। খাকীপোচাকধাৰী আৰক্ষীৰ এনে কৰ্মকাণ্ডই হতভম্ব কৰি তুলিছে বৰপেটাবাসীক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + eighteen =

Back to top button