অপৰাধঅসমঅসম আৰক্ষী

পখিলা খেদা বয়সতে ৫৫ বছৰীয়া লম্পটৰ কামনাৰ বলি তিনিজনী কণমানি

বহু কণমানি শিশুৰ জীৱনৰ সৈতে হেতালি খেলা ৰজনী দৈমাৰীৰ দৰে নৰপিশাচৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।

এক ভয়ংকৰ ঘটনাই জোকাৰিছে কাৰ্বি আংলং। লাহৰীঘাটত পুনৰ সংঘটিত ধৰ্ষণৰ দৰে জঘন্য কাণ্ড। কাৰ্বি আংলঙৰ লাহৰীঘাটত ৫৫ বছৰীয়া লম্পটৰ কামনাৰ বলি তিনিজনী কণমানি।

লাহৰীঘাটৰ জেঙৰবৰী গাঁৱৰ ৰজনী দৈমাৰী নামৰ এটা লম্পটে কথাৰে ফুচুলাই তিনিওটি শিশুকে ধৰ্ষণ কৰাৰ ঘটনা পোহৰলৈ আহিছে। বুধবাৰে, ৰজনী দৈমাৰীয়ে এটি এটি কৈ ফুচলাই নি ধৰ্ষণ কৰে তিনিটা পৰিয়ালৰ তিনিজনী কন্যা শিশুক।
পাষণ্ড ৰজনীয়ে ধৰ্ষণ কৰা শিশু কেইটিৰ বয়স ক্ৰমে ৬,৭ আৰু ৯ বছৰ। ধৰ্ষণৰ পাছত পৰিয়ালৰ লোকে কথাটো গম পাই আৰক্ষী থানাত দাখিল কৰে এজাহাৰ। এজাহাৰৰ ভিত্তিত লাহৰীঘাট আৰক্ষীয়ে ইতিমধ্যে 888/21নম্বৰত গোচৰ পঞ্জীয়ন কৰিছে যদিও ধৰ্ষণকাৰীক কৰায়ত্ব কৰিবলৈ এতিয়া পৰ্যন্ত সক্ষম হোৱা নাই আৰক্ষী। পলাতক অৱস্থাত থকা ধৰ্ষণকাৰীক বিচাৰি আৰক্ষীৰ হাহাকাৰ।

এতিয়া প্ৰশ্ন হয়, ৰাজ্যত দিনক-দিনে বৃদ্ধি পোৱা ধৰ্ষণৰ ঘটনাৰ কিবা উচিত সমাধান ওলাবনে? বহু কণমানি শিশুৰ জীৱনৰ সৈতে হেতালি খেলা ৰজনী দৈমাৰীৰ দৰে নৰপিশাচৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.