ভাৰত

লেহৰ পৰ্বতৰ শিখৰত জিলিকিছে সৰ্ববৃহৎ জাতীয় পতাকা, বিশ্বৰ ভিতৰত সৰ্ববৃহৎ জাতীয় পতাকাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে…

১৫২ সংখ্যক গান্ধী জয়ন্তীৰ দিনটোত নিৰ্মাণ কৰা খাদী ত্ৰিৰংগাই কেৱল বাপুজীক সন্মান প্ৰদৰ্শন কৰাই নহয়, এই পতাকাই ভাৰতীয় শিল্পীসকলৰ প্ৰতিভা উৎকৰ্ষ সাধন কৰাৰ লগতে দেশৰ বাবেও গৌৰৱৰ বিষয় হৈ পৰিছে।

জাতিৰ পিতা মহাত্মা গান্ধীক সুঁৱৰি দেশজুৰি পালন কৰা হৈছে গান্ধী জয়ন্তী। দেশৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ লাডাখৰ লেহতো পালন কৰা হৈছে গান্ধী জয়ন্তী।

লেহ চহৰত সংস্থাপন কৰা হৈছে বিশ্বৰ সৰ্ববৃহৎ খাদীৰ জাতীয় পতাকা। ১০০০ কেজি ওজনৰ এই পতাকাৰ দৈৰ্ঘ্য হৈছে ২২৫ ফুট আৰু প্ৰস্থ হৈছে ১৫০ ফুট। জাতীয় পতাকাখন নিৰ্মাণ কৰি উলিয়াইছে ভাৰতীয় সেনাৰ ৫৭জন ইঞ্জিনিয়াৰে।

লাডাখৰ লেফটেনেন্ট গৱৰ্ণৰ আৰ কে মাথুৰে উন্মোচন কৰে এই বৃহতাকাৰ পতাকাখন। গান্ধী জয়ন্তীৰ দিনটোতে উন্মোচন কৰা হৈছে খাদীৰে নিৰ্মিত জাতীয় পতাকাৰ। এই অনুষ্ঠানত উপস্থিত থাকে ইউনিয়ন স্বাস্থ্য মন্ত্ৰী মানসুখ মান্দভিয়া।

১৫২ সংখ্যক গান্ধী জয়ন্তীৰ দিনটোত নিৰ্মাণ কৰা খাদী ত্ৰিৰংগাই কেৱল বাপুজীক সন্মান প্ৰদৰ্শন কৰাই নহয়, এই পতাকাই ভাৰতীয় শিল্পীসকলৰ প্ৰতিভা উৎকৰ্ষ সাধন কৰাৰ লগতে দেশৰ বাবেও গৌৰৱৰ বিষয় হৈ পৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.