আন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰি

মন সলনি হ’ল তালিবানীৰ, মহিলাৰ শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত জাৰি কৰিলে নতুন নিয়ম

পুৰুষ বিহীন পৰিৱেশত থাকি শিক্ষাগ্ৰহণ কৰিব পাৰিব আফগান যুৱতীয়ে

আফগানিস্তানৰ মহিলা-যুৱতীৰ বাবে তালিবানীৰ নতুন নিয়ম। শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত মহিলাৰ বাবে নতুন নিয়ম বান্ধি দিছে শাসক তালিবানীয়ে।

কিছুদিন পূৰ্বে আফগানিস্তানৰ মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত বিশেষ অগ্ৰাধিকাৰ দিয়াৰ কথা কোৱা তালিবানীৰ মন সলনি হ’ল। শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত মহিলাসকলে কোনো বাধা নোপোৱাৰ কথা ঘোষণা কৰাৰ পিছতেই তালিবানীৰ নতুন নিৰ্দেশনা।

শিক্ষানুষ্ঠানত একেলগে পঢ়িব নোৱাৰিব ল’ৰা-ছোৱালীয়ে। মহিলা শিক্ষাৰ্থীৰ বাবে থাকিব লাগিব পৃথক শিক্ষক। পুৰুষ শিক্ষকে পঢ়াব নোৱাৰিব ছোৱালীক।

আফগানী মহিলাক বিশ্ববিদ্যালয়ত পঢ়াৰ অনুমতি প্ৰদান কৰা হৈছে যদিও পুৰুষ-মহিলাই একেলগে পঢ়িব নোৱাৰিব বুলি দেওবাৰে ঘোষণা কৰে তালিবানী উচ্চ শিক্ষামন্ত্ৰীয়ে। ছাৰিয়া নীতিৰ অধীনত থাকি মহিলাসকলে পুৰুষ বিহীন পৰিৱেশত থাকি শিক্ষাগ্ৰহণ কৰিব পাৰিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three + 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.