ইউক্ৰেইনৰ পৰা অহা অসহায় ভাৰতীয় ছাত্ৰলৈ সহায়ৰ হাত আন্তৰ্জাতিক সমাজ-ISKCONৰ…
তীব্ৰ খাদ্য সংকটত ভুগি থকা ইউক্ৰেইনৰ পৰা অহা শৰণাৰ্থীসকলক এতিয়া উন্মুক্তভাৱে সহায়ৰ হাত আগবঢ়াইছে ইস্কন(ISKCON) নামৰ এটা আন্তৰ্জাতিক সংস্থাই
ক্ৰমাৎ অৱনতি ঘটিছে যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ পৰিস্থিতি। ৰাছিয়াৰ আক্ৰমণে দিশহাৰা কৰিছে ইউক্ৰেইনিয়ানক।ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণৰ সপ্তম দিনটোত বিস্তৰ ক্ষতিৰ সন্মুখীন ইউক্ৰেইনত বসবাস কৰা লোকসকল। ইউক্ৰেইন এৰি এতিয়া স্বদেশলৈ ঢাপলি মেলিছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অধ্যয়ন, চাকৰিৰ বাবে অহা সকলো লোক।
তীব্ৰ খাদ্য সংকটত ভুগি থকা ইউক্ৰেইনৰ পৰা অহা শৰণাৰ্থীসকলক এতিয়া উন্মুক্তভাৱে সহায়ৰ হাত আগবঢ়াইছে ইস্কন(ISKCON) নামৰ এটা আন্তৰ্জাতিক সংস্থাই। ইউক্ৰেইনৰ পৰা হাংগেৰীলৈ অহা অসহায় লোকসকলক মন্দিৰৰ ভিতৰত আশ্ৰয় প্ৰদান কৰাৰ লগতে খাদ্যৰ যোগান ধৰিছে ইস্কনে। ভাৰতীয় দূতাবাসৰ অনুৰোধত ঘৰলৈ উভতি অহা ছাত্ৰ-ছাত্ৰী সকলক খাদ্য আৰু পানীয়ৰ যোগান ধৰিছে ইস্কনৰ সদস্য সকলে।
Appreciate @ISKON for stepping in to help Indian Nationals at Ukraine border points by providing food & assisting @MEAIndia officers. https://t.co/pYKKv7mdWD
— V Muraleedharan / വി മുരളീധരൻ ( Modi Ka Parivar) (@VMBJP) February 27, 2022

উল্লেখ্য যে, ইস্কন(ISKCON) হৈছে এটা হিন্দু ধৰ্মীয় সংগঠন । আন্তৰ্জাতিক কৃষ্ণভাৱনামৃত এই সংঘৰ জন্ম হৈছিল ১৯৬৬ চনত নিউয়ৰ্কত। ইয়াৰ মুখ্য কাৰ্যালয় ভাৰতৰ পশ্চিম বংগৰ মায়াপুৰত । এই সংঘৰ প্ৰধান উদ্দেশ্য হৈছে জনসেৱা, শিক্ষা, ধৰ্মচৰ্চা আৰু আধ্যাত্মিক চিন্তা-চৰ্চা।


