অসম

থিয়েটাৰৰ পোষ্টাৰ ফালি দাদাগিৰি, আৰক্ষীয়ে আটক কৰিলে পাঠশালাৰ যুৱকক…

থিয়েটাৰৰ বেনাৰ ফলা সন্দৰ্ভত প্ৰযোজক তপন লহকৰে দাখিল কৰিছিল এজাহাৰ

ভ্ৰাম্যমাণৰ জন্মস্থান পাঠশালাতে অসুৰক্ষিত ভ্ৰাম্যমাণ থিয়েটাৰ। অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰ কহিনুৰ থিয়েটাৰৰ বেনাৰ ফালিলে দুৰ্বৃত্তই। কহিনুৰ থিয়েটাৰৰ কেইবাখনো বেনাৰ ফালি আটক হ’ল পাঠশালাৰ দুই যুৱক।

 

CCTVৰ ফুটেজ চাই চিনাক্ত কৰি আৰক্ষীয়ে আটক কৰিলে পাঠশালাৰ যুৱক কৌশিক তালুকদাৰৰ লগতে এজনক। উল্লেখ্য যে, থিয়েটাৰৰ বেনাৰ ফলা সন্দৰ্ভত প্ৰযোজক তপন লহকৰে দাখিল কৰিছিল এজাহাৰ। এজাহাৰৰ ভিত্তিতেই পৰৱৰ্তী সময়ত দুই যুৱকক আটক কৰে আৰক্ষীয়ে।

 

উল্লেখ্য যে, বেনাৰ ফলাৰ আঁৰত আছে উদয়ন থিয়েটাৰৰ প্ৰযোজক জৌতিপদ তালুকদাৰৰ জ্যেষ্ঠ ভাতৃ। এই ঘটনাত কহিনুৰ থিয়েটাৰৰ প্ৰযোজক তপন লহকৰেও তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। বৰ্তমান আটকাধীন দুই যুৱকক পাঠশালা আৰক্ষী চকীত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 5 =

Back to top button