ধৰ্মক লৈ বিতৰ্কিত পোষ্ট, গ্ৰেপ্তাৰ অধ্যাপক…
মঙলবাৰে, নিশাই দিল্লীৰ এজন উকীল বিনীত জিন্দালে গোচৰ ৰুজু কৰিছিল ৰতন লালৰ বিৰুদ্ধে। শিৱলিংগক লৈ অধ্যাপকগৰাকীয়ে কৰা মন্তব্য ধৰ্মীয় একতা বিৰোধী বুলি উল্লেখ কৰে বিনীত জিন্দালে।
সামাজিক মাধ্যমত বিতৰ্কিত পোষ্ট দি গ্ৰেপ্তাৰ হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ এজন অধ্যাপক। দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ হিন্দু মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ৰতন লালৰ বিৰুদ্ধে সৰৱ দিল্লী আৰক্ষী।
বাৰাণসীৰ জ্ঞানবাপী মছজিদত উদ্ধাৰ হোৱা শিৱলিংগক কেন্দ্ৰ কৰি প্ৰশ্ন উত্থাপন কৰিছিল হিন্দু মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহযোগী অধ্যাপক ৰতন লালে। বাৰাণসীৰ জ্ঞানবাপী মছজিদক লৈ সামাজিক মাধ্যমত পোষ্ট দিছিল ৰতন লালে।
Professor Ratan Lal has been arrested for his social media post about #GyanvapiMosque and shivling. He teaches history in one of India’s foremost institutions, Hindu College.
Shows you how the Left has hardcoded #Hinduphobia and hatred towards our civilisation into academia. pic.twitter.com/Qm0FU0busp— Abhijit Majumder (@abhijitmajumder) May 20, 2022
ধৰ্মীয় সংঘাত বিয়পোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে অধ্যাপকজনক। শুকুৰবাৰে নিশা উত্তৰ দিল্লীৰ চাইবাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লালক। আৰক্ষীয়ে জনোৱা অনুসৰি, হিন্দু মহাবিদ্যালয়ত কাম কৰা ৰতন লালক উত্তৰ দিল্লীৰ চাইবাৰ আৰক্ষী থানাৰ বিষয়াই ভাৰতীয় দণ্ডবিধিৰ ধাৰা 153A আৰু 295Aৰ অধীনত গ্ৰেপ্তাৰ কৰে।
মঙলবাৰে, নিশাই দিল্লীৰ এজন উকীল বিনীত জিন্দালে গোচৰ ৰুজু কৰিছিল ৰতন লালৰ বিৰুদ্ধে। শিৱলিংগক লৈ অধ্যাপকগৰাকীয়ে কৰা মন্তব্য ধৰ্মীয় একতা বিৰোধী বুলি উল্লেখ কৰে বিনীত জিন্দালে।
আনহাতে, অধ্যাপকগৰাকীয়ে কয় যে, “ভাৰতত যদি আপুনি কোনো বিষয়ৰ ওপৰত মন্তব্য কৰে, তেন্তে কাৰোবাৰ আৱেগত আঘাত সনা হয়। এয়া কোনো নতুন ঘটনা নহয়। মই এজন বুৰঞ্জীবিদ আৰু মই বহু ঘটনাৰ পৰ্যবেক্ষণ কৰিছো। মই অতি ৰসিকভাৱে পোষ্টটো লিখিছিলো। মই নিজকে সদায় ৰক্ষা কৰিম’।


