healthleatest updateSocial

চিয়া বীজ সেৱন কৰাৰ আগত জানি লওক ইয়াৰ Side Effectsৰ কথা?

ইয়াক সঠিক মাত্ৰাত ব্যৱহাৰ নকৰিলে আপোনাৰ পাৰ্শ্বক্ৰিয়া হোৱাৰ সম্ভাৱনা আছে।

চিয়া বীজৰ গুণাগুণৰ কথা আপুনি নিশ্চয় জানে। চিয়া বীজ সেৱন কৰাটো প্ৰতিজন ব্যক্তিৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। কিন্তু চিয়া বীজৰ কিছুমান অপকাৰিতাও আছে। ইয়াক সঠিক মাত্ৰাত ব্যৱহাৰ নকৰিলে আপোনাৰ ইয়াক সঠিক মাত্ৰাত ব্যৱহাৰ নকৰিলে আপোনাৰ বিপদ বা যিকোনো পাৰ্শ্বক্ৰিয়াৰ (Side Effects)হোৱাৰ সম্ভাৱনা আছে। চিয়া বীজৰ ক্ষতি বা পাৰ্শ্বক্ৰিয়াৰ বিষয়ে জানো আহক-

চিয়া বীজত প্ৰচুৰ পৰিমাণে আঁহ পোৱা যায়। যি আপোনাৰ পেটৰ বাবে আৰু হজম শক্তিৰ বাবে অতি উপকাৰী। কিন্তু অধিক পৰিমাণে চিয়া বীজ সেৱন কৰিলেআপোনাৰ পেট ফুলা, বমি আৰু ডায়েৰিয়া হোৱাৰ সম্ভাৱনা থাকে। গতিকে সাধাৰণ মাত্ৰাতহে ইয়াক সেৱন কৰাটো উপকাৰী। অধিক মাত্ৰাত চিয়া বীজ সেৱন কৰিলে কিছু কিছু লোকৰ ফোঁহা, মূৰৰ বিষ আৰু খজুৱতি আদি এলাৰ্জিৰ প্ৰতিক্ৰিয়া (Side Effects) হ’ব পাৰে।

চিয়া বীজ অতিমাত্ৰা সেৱন কৰিলে শ্বাসৰুদ্ধ হোৱাৰ আশংকা থাকে। চিয়া গুটি খোৱাৰ সময়ত পানী শোষণ কৰে আৰু ফুলি উঠে। গতিকে এবাৰতে অত্যাধিক চিয়া বীজ সেৱন কৰিলে শ্বাসৰুদ্ধ হ’ব পাৰে।

ডায়েবেটিছ ৰোগীৰ বাবেও অধিক মাত্ৰা চিয়া বীজ সেৱন কৰাটো অপকাৰী। ডায়েবেটিছ আৰু ৰক্তচাপৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা কিছুমান ঔষধৰ লগতো চিয়া গুটিয়ে পাৰ্শ্বক্ৰিয়া কৰিব পাৰে। সেইবাবে চিয়া গুটি সঠিক পৰিমাণত সেৱন কৰাটো অতিকৈ প্ৰয়োজন ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × five =

Back to top button