Social

Chess Board বুলি ভুল নকৰিব, দেখাত সাইলাখ Chess Boardৰ দৰে এয়া আচলতে এখন দলংহে…

দবা খেলৰ ব'ৰ্ডৰ দৰে সজাই-পৰাই তোলা হৈছে তামিলনাডুৰ নেপিয়াৰ দলং। হুবহু চেছ ব'ৰ্ডৰ দৰেই বগা, ক'লা ৰং বুলাই সজোৱা দলংখনে এতিয়া দৃষ্টি কাঢ়িছে সকলোৰে।

২৮ জুলাইৰ পৰা ১০ আগষ্টলৈকে চেন্নাইৰ মহাবালিপুৰমত অনুষ্ঠিত হ’ব ৪৪ সংখ্যক ফিডে(FIDE) চেছ অলিম্পিয়াড। চেছ অলিম্পিয়াডৰ পূৰ্বে সজাই তোলা হৈছে চেন্নাই চহৰ। অলিম্পিয়াডক লৈ তুংগত আছে প্ৰস্তুতি। ৰঙেৰে সজাই তোলা হৈছে বিভিন্ন দেৱাল, দলং সকলো।

 

খেলৰ পূৰ্বে সৰ্বত্ৰে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ’। তামিলনাডুৰ ACS, সুপ্ৰিয়া চাহুৱে টুইটাৰযোগে এটা ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে, ‘Chess Olympiad 2022ৰ বাবে সাজু হৈ উঠিছে দবাৰ ৰাজধানী চহৰ চেন্নাই। Chess Boardৰ দৰেই সজাই তোলা হৈছে Iconic নেপিয়াৰ দলং’।

 

দবা খেলৰ ব’ৰ্ডৰ দৰে সজাই-পৰাই তোলা হৈছে তামিলনাডুৰ নেপিয়াৰ দলং। হুবহু চেছ ব’ৰ্ডৰ দৰেই বগা, ক’লা ৰং বুলাই সজোৱা দলংখনে এতিয়া দৃষ্টি কাঢ়িছে সকলোৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine − 1 =

Back to top button