অসমউৎসৱজীৱনশৈলীদৈনিক বাতৰিমনোৰঞ্জন

আজি পহিলা বহাগ! আহক জানি লওঁ যৌৱনৰ উৎসৱৰ এই সমুহ কথা…

অসমৰ মূল বিহু উৎসৱ ৰঙালী বিহুক যৌৱনৰ উৎসৱ বুলি কোৱা হয়

ব’হাগ বিহু বা ৰঙালী বিহু বসন্ত কালৰ আগমণত উদযাপন কৰা অসমৰ মূল বিহু উৎসৱ ৰঙালী বিহুক যৌৱনৰ উৎসৱ বুলি কোৱা হয়। এই উৎসৱত ডেকা গাভৰুৱে ৰাতি বিহু পাতে, বিহুৰ মাজতে নিজৰ জীৱন সংগী বিচাৰি উলিয়ায়। কৃষি সংস্কৃতিৰ আৰম্ভণিৰে পৰা এনেধৰণৰ উৎসৱ চলি আহিছে। যৌৱনৰ লগত খেতি মাটিৰ উৰ্বৰতাৰ সম্বন্ধ আছে বুলি মানুহে বিশ্বাস কৰে। খেতি আৰম্ভ কৰাৰ আগে আগে পালন কৰা ৰঙালী বিহুৰ কৃষিৰ লগত ওতঃপ্ৰোত সম্বন্ধ আছে।

চ’ত বিহু: চ’তৰ নিশা ডেকা-গাভৰুৱে বিহুৰ আখৰা কৰে আৰু আখৰা কৰা প্ৰথম নিশাটোয়ে হ’ল চ’ত বিহু।
ৰাতি বিহু: চ’ত বিহুৰ আখৰাৰ পৰৱৰ্তী বিহু মৰা নিশাবোৰক ৰাতি বিহু বুলি কোৱা হয়।

গৰু বিহু: চ’তৰ সংক্ৰান্তিৰ দিনা গৰুক গা ধুৱাই নতুন পঘাৰে বন্ধা হয়। গধূলি ধূপ-ধূনা আদি দিয়া হয়।
মানুহ বিহু বা চেনেহী বিহু: এক ব’হাগৰ দিনাখন এই বিহু পতা হয়। এই বিহুটোক আপোনজনে আপোনজনক বিহুৱান দিয়ে। বিহুগীত, হুঁচৰি গীত গাই অতি আনন্দ কৰে।

কুটুম বিহু: ব’হাগৰ দ্বিতীয় দিনটো কুটুম বিহু। এই দিনা জী-জোঁৱাইসকল মাকহঁতৰ ঘৰলৈ যায়। ইষ্ট-কুটুম্বই পৰস্পৰে পৰস্পৰক আদৰ আৰু সেৱা-সত্কাৰ কৰে।

মেলা বিহু বা হাট বিহু: এই বিহুৰ দিনা পথাৰৰ মাজত এডাল গছক প্ৰতীক হিচাপে লৈ তাৰ তলত গাভৰুসকলে বিহু নাচে। গছ জোপালৈ বিহুৱান, তামোল-পাণ আদি আগবঢ়ায়। শিমলুগুৰি, নাহৰকটীয়া, টেঙাখাট আদি অঞ্চলত এই বিহু দেখা যায়।
চেৰা বিহু বা এৰা বিহু: ব’হাগ বিহুত ডেকা-গাভৰুৱে নাচি-বাগি ভাগৰি পৰে আৰু সপ্তম দিনা অতি আদৰৰ বিহুটিক সমাপ্ত ঘটায়। সেই দিনাখন বিহুৱানবোৰ পুনৰ ধুই বিহুক বিদায় দিয়ে। ব’হাগ বা ৰঙালী বিহু, একেৰাহে সাতদিন ধৰি উদযাপন কৰা হয়। চ’তৰ সংক্ৰান্তিৰ দিনাৰ পৰা আৰম্ভ কৰি ব’হাগৰ ৬ তাৰিখলৈ সাত দিন ধৰি থাকে। প্ৰত্যেক দিনাৰ বিহুৰে সুকীয়া নাম আছে। ইয়াক “সাত বিহু” বুলি জনা যায়। চ’তৰ দোমাহীৰ দিনা গৰু বিহুৰে আৰম্ভ হৈ ক্ৰমে মানুহ বিহু, হাত বিহু, চেনেহী বিহু, মাইকী বিহু, ৰঙালী বিহু আৰু শেষৰ দিনা চেৰা বিহুৰে বহাগ বিহু সামৰা হয়। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে তাৰে এটা দিন গোঁসাই বিহু বুলিও পালন কৰা যায়। অৱশ্যে এই সাত বিহুৰ পৰম্পৰা বৰ্তমান বিলুপ্তপ্ৰায়।

কোনো কোনো লোকে আকৌ ব’হাগ বিহুৰ এই অনুষ্ঠানসমূহক তলত দিয়াৰ ধৰণে ভাগ কৰেঃ-
চ’ত বিহু: চ’তৰ নিশা ডেকা-গাভৰুৱে বিহুৰ আখৰা কৰে আৰু আখৰা কৰা প্ৰথম নিশাটোয়ে হ’ল চ’ত বিহু।
ৰাতি বিহু: চ’ত বিহুৰ আখৰাৰ পৰৱৰ্তী বিহু মৰা নিশাবোৰক ৰাতি বিহু বুলি কোৱা হয়।
গৰু বিহু: চ’তৰ সংক্ৰান্তিৰ দিনা গৰুক গা ধুৱাই নতুন পঘাৰে বন্ধা হয়। গধূলি ধূপ-ধূনা আদি দিয়া হয়।
মানুহ বিহু বা চেনেহী বিহু: এক ব’হাগৰ দিনাখন এই বিহু পতা হয়। এই বিহুটোক আপোনজনে আপোনজনক বিহুৱান দিয়ে। বিহুগীত, হুঁচৰি গীত গাই অতি আনন্দ কৰে।

কুটুম বিহু: ব’হাগৰ দ্বিতীয় দিনটো কুটুম বিহু। এই দিনা জী-জোঁৱাইসকল মাকহঁতৰ ঘৰলৈ যায়। ইষ্ট-কুটুম্বই পৰস্পৰে পৰস্পৰক আদৰ আৰু সেৱা-সত্কাৰ কৰে।

মেলা বিহু বা হাট বিহু: এই বিহুৰ দিনা পথাৰৰ মাজত এডাল গছক প্ৰতীক হিচাপে লৈ তাৰ তলত গাভৰুসকলে বিহু নাচে। গছ জোপালৈ বিহুৱান, তামোল-পাণ আদি আগবঢ়ায়। শিমলুগুৰি, নাহৰকটীয়া, টেঙাখাট আদি অঞ্চলত এই বিহু দেখা যায়।
চেৰা বিহু বা এৰা বিহু: ব’হাগ বিহুত ডেকা-গাভৰুৱে নাচি-বাগি ভাগৰি পৰে আৰু সপ্তম দিনা অতি আদৰৰ বিহুটিক সমাপ্ত ঘটায়। সেই দিনাখন বিহুৱানবোৰ পুনৰ ধুই বিহুক বিদায় দিয়ে।
ব’হাগ বিহুৰ লোকবিশ্বাস

ব’হাগ বিহু বা ৰঙালী বিহু সম্পৰ্কীয় ভালেমান লোকবিশ্বাস পোৱা যায়। চ’তৰ সংক্ৰান্তি অৰ্থাৎ গৰু বিহুৰ দিনাখনৰপৰাই সাদিনীয়া ব’হাগ বিহু আৰম্ভ হয়। গৰু বিহুৰ দিনাখন ৰাতিপুৱাই গৰুক মাহ-হালধি তেল সানি গা ধুৱাই নতুন পঘা আঁৰি দি দীঘলতি-মাখিয়তি পাতেৰে গৰুৰ গাত কোবোৱাৰ অন্তৰালত উৰ্বৰা বিশ্বাস জড়িত হৈ আছে। গধূলি পদূলিৰপৰা গোহালিলৈকে শুকান ধান খেৰ, তুঁহ, দীঘলতি, মাখিয়তি পাত আদি জ্বলাই ধোঁৱাময় কৰি তোলা হয়। এই ধোঁৱাই গোহালিৰ মহ-ডাঁহ আঁতৰোৱাৰ উপৰি অপদেৱতাক খেদি পঠায় বুলি সহজ-সৰল চহালোকে বিশ্বাস কৰি আহিছে। ঠাই বিশেষে সাপ আদিৰপৰা ঘৰচীয়া জীৱ-জন্তুক ৰক্ষা কৰিবলৈ সেইদিনা গোহালিৰ চাৰিওকাষে নহৰু বটা পানীত ছটিওৱা হয়। গোটেই বছৰটোৰ বাবে গৰু-ছাগলীৰ ডিঙিত বগা, ৰঙা সূতা মেৰিয়াই দিয়া হয়। অঞ্চল অনুযায়ী গৰু বিহুৰ দিনাখন গৰুক বিচনীৰ বিচ দিয়াৰ পিছতেহে মানুহে বিচনীৰ বা লয় আৰু এনে কৰিলে গোটেই বছৰটো শৰীৰ জুৰ পৰি থাকে বুলি বিশ্বাস কৰা হয়। বিহুৰ প্ৰথম দিনা কিছুমানলোকে স্নানাদি কৰোঁতে সৰ্বশুদ্ধি ব্যৱহাৰ কৰাৰ উপৰি ব্ৰাহ্মণ-জ্যোতিষাদিৰ কথানুষাৰে অনাগত বছৰটোত যাতে নিৰোগী হৈ থাকিব পাৰে সেই বিশ্বাসতে ৰাশি অনুযায়ী চেনি, নিমখ, মৌ, গাখীৰ আদি খায়। ‘বিহুত বিহোঁ অমৃত হয়’ বুলি এষাৰ কথা আছে। সেয়েই হয়তো কোনো কোনো অঞ্চলত স্বাস্থ্য ভালে থাকিবৰ বাবে গধূলি শোকোতা তিতা, কল পচলা, টেঙা আদিও খায়। এনে কৰিলে বছৰটোত সাপে খোঁটাৰ ভয় নাই বুলি বিশ্বাস কৰে। অঞ্চল বিশেষে গৰু বিহু, মানুহ বিহু বা সাতবিহুৰ যি কোনো এদিনত এশ এবিধ শাক খোৱাৰ নিয়ম আছে। কিছুমানে ইয়াক সাত শাকেতী বা সাথেক তোলা বা সাত শাক তোলা বিহু বোলে। এশ এবিধ শাকৰ যি ব্যঞ্জন তৈয়াৰী কৰা হয় সেয়া ৰোগৰ মহৌষধ। ‘সাত বিহুৰ শাক শুকতি দেহাত দেই বল’ বুলি বিশ্বাস কৰি এশ এবিধ নহ’লেও সাতবিধ বা নবিধ শাক তোলে। ঠাই বিশেষে গৰু বিহু বা মানুহ বিহুৰ দিনাখন ধুমুহা বৰষুণৰ পৰা হাত সাৰিবলৈ শিৱক সন্তুষ্টি কৰি নাহৰৰ পাতত মংগলসূচক বচন লিখি ঘৰৰ ছালৰ পানীপচাত খুচি থোৱা হয়-‘‘দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ/বাত বৃষ্টি হৰং দেৱ মহাদেৱ নমস্তুতে’’। অসমীয়া মানুহৰ মনত শিৱ কৃষি দেৱতা। সেয়েই হয়তো প্ৰথম বিহুৰ দিনাই ৰাতিপুৱা কামৰূপৰ কোনো কোনো অঞ্চলত বাঁহৰ আগ আৰু ভাং-ধতুৰাৰ গছ খেতি-পথাৰত পুতি থয়। জনবিশ্বাস মতে এনেদৰে শিৱৰ প্ৰিয় ভাং-ধতুৰাৰ গছ পুতি শিৱক সন্তুষ্ট কৰিলে খেতি ভাল হয়। পহিলা ব’হাগ বা মানুহ বিহুৰ দিনা গা ধুই গোসাঁইক সেৱা কৰি বিহুৱান লয় আৰু পিছত সৰুৱে মান্যজনক সেৱা-সৎকাৰ কৰি আশীৰ্বাদ লয় যাতে আগন্তুক বৰ্ষটো ভালে ভালে যাব পাৰে। ‘অতিকৈ চেনেহৰ বহাগৰ বিহুটি’ অহাৰ আগতেই অৰ্থাৎ চ’ত মাহ সোমোৱাৰ লগে লগেই অসমীয়া জীয়াৰী-বোৱাৰীৰ ‘চেনেহৰ বিহুৱান’খনি বৈ-কাটিবলৈ গাত ত’ত নাইকিয়া হয়। কিয়নো বিহুৰ পিছত ব’বলৈ থোৱা কোনো কাপোৰ বা বিহুৱান কোনো পুৰুষক দিয়া নহয়। বিশ্বাস ‘বিহুচেৰা’ বস্ত্ৰ পৰিধান কৰিলে লওঁতাৰ মৃত্যু কাষ চাপি আহে। অঞ্চল বিশেষে বিহুৰ সাতদিন পুৰুষে গাত তেল নলয়, সাতদিনৰ খোৱা পিঠা-পনা, লাৰু আদি থাকিলেও বিহুচেৰাৰ দিনা পেলাই দিয়া হয়। যদি ব’হাগ বিহুৰ মাহটো মলমাহ পৰে তেতিয়া নিজৰ অশুভ হ’ব বুলি বিশ্বাস কৰি কোনো নতুন কাপোৰ বা বিহুৱান গ্ৰহণ কৰা নহয়। ব’হাগ বিহুৰ সময়ত হুঁচৰি গোৱা আশীৰ্বাদ ল’লে স্বৰ্গত স্থান পায় বুলি বিশ্বাস কৰে। সেয়েহে অনাখৰী কবিয়ে গায়- ‘‘গৰু বিহু দিনাখন- ল’বা আশীৰ্বাদ/তেহে পাবা বৈকুণ্ঠত থান”।

বিহুৰ খেল ধেমালি
বহাগ বিহু ৰং-ধেমালিৰ উৎসৱ। বিহু-বলিয়া ডেকা-গাভৰুৱে সেয়েই বহাগ বিহুত নানান খেল-ধেমালি কৰা দেখা যায়। তাৰ ভিতৰত কড়ি খেল উল্লেখযোগ্য। কড়ি প্ৰজননৰ প্ৰতীক। কড়িখেলত যদি কোনো পুৰুষৰ কড়ি ফুটে তেন্তে সেই সেই পুৰুষৰ ভাগ্যোদয় হয় আৰু জিকিলে অবিবাহিতজনৰ বিবাহৰ যোগ মিলে বুলি কোনো কোনোৱে বিশ্বাস কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.