উৎসৱজীৱনশৈলীদৈনিক বাতৰি

ভাই দুজ উপলক্ষ্যে প্ৰিয়ংকা গান্ধীয়ে আউৰালে কিছুমান পুৰণি স্মৃতি

প্ৰিয়ংকা গান্ধীয়েও ভাই দুজ উপলক্ষে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ এখন পুৰণি ফটো  সামাজিক মাধ্যমত প্ৰকাশ কৰে আৰু লিখে যে, সত্যৰ বাবে ৰাহুল গান্ধীৰ যুঁজত তেওঁ গৌৰৱান্বিত আৰু সুখী অনুভৱ কৰে

আজি ভাই দুজ। প্ৰধানত উত্তৰ ভাৰতত এই উৎসৱ পালন কৰা হয়। দেৱালীৰ সময়ত বিশেষকৈ পালন কৰা হয় ভাই দুজ।

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও ভাই দুজ উপলক্ষে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ এখন পুৰণি ফটো  সামাজিক মাধ্যমত প্ৰকাশ কৰে আৰু লিখে যে, সত্যৰ বাবে ৰাহুল গান্ধীৰ যুঁজত তেওঁ গৌৰৱান্বিত আৰু সুখী অনুভৱ কৰে। তেওঁ লগতে উল্লেখ কৰে যে, ফটোখন সেই সময়ৰ যেতিয়া ৰাহুল গান্ধীয়ে শ্বুটিং প্ৰতিযোগিতাত যথেষ্ট পদক জিকিবলে সক্ষম হৈছিল। ফটোখনত ভগ্নী প্ৰিয়ংকা গান্ধীৰ কান্ধত হাত থৈ ৰাহুল গান্ধীয়ে বহুতো পদক পিন্ধি থকা দেখা গৈছে আৰু লগতে তেওঁ এজোৰ চশমাও পিন্ধাছে।

ৰাহুল গান্ধীৰ কেইবাটাও ক্ৰীড়াত দখল আছিল।  তেওঁ আইকিডোত ব্লেক বেল্ট পাইছিল। জাপানীছ সমৰ কলা আৰু লগতে ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়ন আছিল।

কেইবছৰমানৰ আগতে  কংগ্ৰেছে ইনষ্টাগ্ৰাম প্ৰ’ফাইলত ৰাহুল গান্ধীয়ে আইকিডো কৰা ফটো আৰু ভাৰতীয় নেচনেল ৰাইফল এছ’চিয়েশ্যনৰ অংশগ্ৰহণৰ প্ৰমাণপত্ৰ শ্বেয়াৰ কৰিছিল।

প্ৰমাণপত্ৰ অনুসৰি, ৰাহুল গান্ধীয়ে ১৯৮৮-৮৯ চনত ৩২ তম ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। ৩০০ ৰ ভিতৰত ২৭১নম্বৰৰ সৈতে,  তেওঁ চতুৰ্থ স্থান লাভ কৰিবলে সক্ষম হৈছিল।

https://www.instagram.com/p/B1vaBALp-0Z/?utm_source=ig_web_copy_link

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.