অসম

কাণত ‘হেড্ ফোন’ লগাই গান শুনি গৈ আছিল, ৰে’লে মহতীয়াই নিলে কিশোৰগৰাকীক

'গয়া এক্সপ্ৰেছ'ৰ তীব্ৰ খুন্দাত থিতাতে নিহত সুৱৰ্ণ বৰ্মণ

গোৱালপাৰাৰ খেকাপাৰাত অঘটন| ৰে’লে মহতীয়াই নিলে এগৰাকী কিশোৰক|

  নামনিমুৱা ‘গয়া এক্সপ্ৰেছ’ৰ তীব্ৰ খুন্দাত থিতাতে নিহত সুৱৰ্ণ বৰ্মণ নামৰ এগৰাকী ১৪ বছৰীয়া কিশোৰ।

  কাণত ‘হেড্ ফোন’ ব্যৱহাৰ কৰি মোবাইলত গান শুনি গৈ সুৱৰ্ণ বৰ্মণ নামৰ কিশোৰ গৰাকীয়ে ৰেল পথেৰে পথাৰলৈ গৈ আছিল ফলত শুনা নাপালে ৰেলৰ শব্দl তীব্ৰ বেগী ‘গয়া এক্সপ্ৰেছে’ মহতীয়াই লৈ যায় কিশোৰগৰাকীক।

  খবৰ পোৱাৰ পিছতে ধূপধৰা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে|

  ১৪ বছৰীয়া কিশোৰ গৰাকীৰ অকাল বিয়োগত খেকাপাৰা গাঁৱৰ লগতে ধূপধৰা অঞ্চলত গভীৰ শোকৰ ছাঁ পৰেl

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × one =

Back to top button