আফগানিস্তানদৈনিক বাতৰিৰাজনৈতিক

“মহিলাসকল মন্ত্ৰী হ’ব নোৱাৰে, অকল সন্তান জন্ম দিব পাৰে” – তালিবানী

মহিলাসকল কেবিনেটত থকাটো জৰুৰী নহয়

তালিবানে আফগানিস্তানত চৰকাৰ গঠনৰ কেইদিনমান পিছতে এক আপত্তিজনক মন্তব্য কৰা পৰিলক্ষিত হৈছে। তালিবানৰ মতে, মহিলাসকল মন্ত্ৰী হ’ব নোৱাৰে। তেওঁলোকে অকল সন্তান জন্ম দিব লাগে।

তালিবানৰ মুখপাত্ৰ চৈয়দ জাকাৰুল্লাহ হাছিমীয়ে টোলো নিউজক দিয়া এটা সাক্ষাৎকাৰত কয় যে মহিলাসকল মন্ত্ৰী হ’ব নোৱাৰে আৰু তেওঁলোকে সন্তানহে জন্ম দিব লাগে। মহিলাসকল কেবিনেটত থকাটো জৰুৰী নহয়। কাৰণ এইয়া ভৰ ডাঙিব নোৱাৰা কিবা এটা ডিঙিত ওলমাই দিয়াৰ দৰে কথা।

হাছিমীয়ে লগতে কয় যে, ‘ৰাজপথত বিৰোধ কৰা মহিলা প্ৰতিবাদকাৰীসকলে আফগানিস্তানৰ সকলো মহিলাক প্ৰতিনিধিত্ব কৰিব নোৱাৰে। আফগানিস্তানৰ মহিলাসকল হৈছে তেওঁলোক যিয়ে আফগানিস্তানৰ লোকসকলক জন্ম দিয়ে আৰু তেওঁলোকক ইছলামিক নৈতিকতাৰ বিষয়ে শিক্ষিত দিয়ে’।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.