“তুমিটো জানাই
এই কবিৰ আৰু একো নাই।
এটাই মাথোঁ কামিজ
তাৰো ছিগো-ছিগো চিলাই।
প্ৰেম নিশ্চয় এনেকুৱাই
আৱৰণ খুলি হৃদয় জুৰায়”-হীৰুদা
সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য অসমীয়া সাহিত্য জগতৰ এক চিনাকী নাম। তেখেতৰ লেখনিত প্ৰকাশ পায় জীৱনৰ গভীৰতা আৰু ছন্দ। তেখেতৰ কবিতাত সকলোৱে বিচাৰি পায় এক আৱেগ।
হীৰুদাৰ কবিতাত জড়িত হৈ থাকে অন্য এক মাদকতা। এইগৰাকী ভাষাৰ চহকী কবি হীৰুদাৰ আজি জন্মদিন। ১৯৩২ চনৰ ২৮ জুলাইত যোৰহাটত জন্ম গ্ৰহণ কৰিছিল হীৰেন ভট্টাচাৰ্যই।
তেখেতৰ পিতৃ স্বৰ্গীয় তীৰ্থনাথ ভট্টাচাৰ্য আৰু মাতৃ স্বৰ্গীয়া স্নেহলতা ভট্টাচাৰ্য। পিতৃৰ চাকৰি সূত্ৰে অসমৰ ইমূৰৰপৰা সিমূৰলৈ ঘূৰি ফুৰিব লগা হোৱাত তেওঁ স্কুলীয়া জীৱনত বহুকেইখন বিদ্যালয় বগাবলগীয়া হয়। ১৯৪৫ চনত গুৱাহাটীৰ কটন কলেজিয়েট স্কুলৰপৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় হীৰেন ভট্টাচাৰ্য।
১৯৬৪ চনত হীৰেন ভট্টাচাৰ্য বোৰ্কালৈ যায় আৰু তাত এখন স্কুলত শিক্ষকতা কৰে ৷ এবছৰ শিক্ষকতা কৰা পাছত তাৰ পৰা উভতি আহে ৷ ইয়াৰ পাছত কিছুদিন কাপোৰৰ দোকানত ছেলছমেনৰ চাকৰিও কৰিছিল হীৰুদাই।
১৯৫৭ চনত প্ৰকাশ পাইছিল হীৰুদাৰ প্ৰথম কৰ্মৰাজি৷ তেখেতৰ প্ৰথম কবিতা পুথি মোৰ দেশ মোৰ প্ৰেমৰ কবিতা’ প্ৰকাশ পাইছিল ১৯৭২ চনত৷ অসমীয়া ভাষাত প্ৰকাশ পাইছিল ১৩ খন কবিতা পুথি। লগতে বঙালী ভাষাত প্ৰকাশ পাইছিল ২ খনকৈ কবিতা পুথি।
‘তোমাৰ গান’, ‘বিভিন্ন দিনৰ কবিতা’, ‘সুগন্ধি পখিলা’, ‘শইচৰ পথাৰ মানুহ’, ‘ভালপোৱাৰ বোকা মাটি’ৰ দৰে বহুকেইখন বাছকবনীয়া পুথিৰে পাঠকৰ মন মুহিছিল হীৰুদাই। অসম সাহিত্য উপত্যকা বঁটা, চোভিয়েট দেশ নেহৰু বঁটা লাভ কৰা সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যক আজি জন্ম তিথিৰ দিনটোত শ্ৰদ্ধাৰে সুঁৱৰিছো।