দৈনিক বাতৰিভাৰত
Trending

এতিয়াৰে পৰা সুৰক্ষিত ফুটপাথত খোজকঢ়াৰ অধিকাৰ মৌলিক অধিকাৰ

পথচাৰীৰ অধিকাৰক অধিক শক্তিশালী কৰাৰ লগতে নগৰ পৰিকল্পনা আৰু পথ সুৰক্ষাৰ ক্ষেত্ৰতো নতুন দিশৰ সূচনা

দেশৰ পথচাৰীৰ বাবে এক ঐতিহাসিক ৰায় দিছে উচ্চতম ন্যায়ালয়ে। সৰ্বোচ্চ ন্যায়ালয়ে স্পষ্টকৈ কয় যে সুৰক্ষিত ফুটপাথত খোজকঢ়াৰ অধিকাৰ সংবিধানৰ অনুচ্ছেদ 19(1)(D) আৰু ২১-ৰ অধীনত এক মৌলিক অধিকাৰ(Fundamental Right)।

আদালতে এই মন্তব্য কৰে এটা পথ দুৰ্ঘটনাৰ গোচৰৰ শুনানিৰ সময়ত। ঘটনাটোত বিদ্যালয়লৈ খোজকাঢ়ি যোৱা ৫ বছৰীয়া এটি শিশুৰ মৃত্যু হৈছিল। আদালতে লক্ষ্য কৰে যে ঘটনাস্থলীত ফুটপাথ বা পথচাৰী পাৰাপাৰৰ কোনো সুৰক্ষিত ব্যৱস্থা নাছিল।

ৰায়ত আদালতে কয় যে পথচাৰীৰ সুৰক্ষা নিশ্চিত কৰাটো চৰকাৰ আৰু স্থানীয় প্ৰশাসনৰ সাংবিধানিক দায়িত্ব(Constitutional Rights)। নগৰ উন্নয়ন কৰ্তৃপক্ষ, পৌৰ নিগম, পৌৰসভা আৰু পঞ্চায়তসমূহক উন্নত, সুৰক্ষিত পথ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে(Right to Walk)।

ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰক পথচাৰীৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে আইন প্ৰণয়নৰ বিষয়টো বিবেচনা কৰিবলৈও আহ্বান জনোৱা হৈছে(Footpath Safety)। আইন বিশেষজ্ঞসকলৰ মতে, এই ৰায়ে দেশজুৰি পথচাৰীৰ অধিকাৰক অধিক শক্তিশালী কৰাৰ লগতে নগৰ পৰিকল্পনা আৰু পথ সুৰক্ষাৰ ক্ষেত্ৰতো নতুন দিশৰ সূচনা কৰিব।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 + nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.