অসমজীৱনশৈলীভাৰত

পৰাধীনতাৰ শিকলি চিঙি পাৰ হ’ল স্বাধীনতাৰ ৭৫ বছৰ

১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনটোত ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল ভাৰতে

১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনটোত ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ ঐতিহাসিক দিনটোক সুঁৱৰি প্ৰতিবছৰে ১৫ আগষ্টৰ দিনটোক ভাৰতবৰ্ষই স্বাধীনতা দিৱস হিচাপে উদযাপন কৰে। ভাৰতে অহিংসা আন্দোলনৰ মাধ্যমেৰে এই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হয়৷

১৭ শতিকাৰ আৰম্ভণিৰেপৰা ভাৰতবৰ্ষত ইংৰাজে উপনিবেশ স্থাপন কৰিছিল৷ শক্তিশালী সামৰিক বাহিনীৰ সহায়ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পেনীয়ে স্থানীয় ৰাজত্ব সমূহক বশীভূত কৰি ১৮ শতিকাত নিজকে আটাইতকৈ শক্তিশালী গোট ৰূপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়৷ ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পিছত বলবৎ হোৱা Government of India Act 1858 এ ব্ৰিটিছৰ বাবে পোনপটিয়াকৈ ভাৰত শাসন কৰাৰ পথ সুগম কৰি দিয়ে৷ পৰৱৰ্ত্তী কালত ভাৰতবৰ্ষৰ চুকে কোণে জনসাধাৰণৰ মাজত স্বাধীনতা লাভৰ আকাংক্ষা তীব্ৰতৰ হ’বলৈ ধৰিলে৷ ১৮৮৫ চনত প্ৰতিষ্ঠিত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছে এই আকংক্ষাক এক প্ৰবল স্বাধীনতা আন্দোলনৰ ৰূপ দিয়াত আগভাগ লয়৷ ৷

প্ৰথম বিশ্বযুদ্ধৰ পিছৰ সময়ছোৱাত ব্ৰিটিছে ৰৱাল্ট আইনৰ দৰে কঠোৰ আইন বলবৎ কৰাত ভাৰতীয় জনসাধাৰণ প্ৰতিবাদী হৈ উঠে৷ ইয়াৰে ফলস্বৰূপে মহাত্মা গান্ধীয়ে সমগ্ৰ দেশজুৰি অসহযোগ আৰু অহিংস আন্দোলনৰ নেতৃত্ব দিয়ে৷ দ্বিতীয় বিশ্বযুদ্ধত ভাৰতৰ অংশগ্ৰহণ, অসহযোগ আন্দোলন অধিক তীব্ৰতৰ হৈ পৰে।

ভাৰতীয় মুছলিম লীঘৰ নেতৃত্বত মুছলিম জাতীয়তাবাদৰ উথ্থান ইত্যাদি৷ ইয়াৰে সামূহিক প্ৰভাৱৰ ফলশ্ৰুতি হিচাপে ভাৰতে ১৯৪৭ চনত স্বাধীনতা লাভ কৰে আৰু একেসময়তে দেশ বিভাজনো হয়৷

১৯৪৬ চনত দ্বিতীয় বিশ্বযুদ্ধই জুৰুলি কৰা ব্ৰিটেইনৰ চৰকাৰে ভাৰতৰ ৰাজনৈতিক অস্থিৰতা দুৰ কৰাত হোৱা বিফলতা স্বীকাৰ কৰি লয়৷ অৱশেষত ১৯৪৭ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী ক্লীমেন্ট এটলী (Clement Attlee) এ ১৯৪৮ চনৰ ভিতৰ ভাৰতবৰ্ষক স্বাধীনতা দিয়াৰ প্ৰতিশ্ৰুতি ঘোষণা কৰে৷

সেইসময়তে নতুনকৈ হোৱা ভাইচৰয় লুইছ মাইন্টবেটেন (Louis Mountbatten) এ ক্ংগ্ৰেছ আৰু মুছলিম লীগৰ ক্ৰমান্বয়ে বাঢ়ি গৈ থকা বিৰোধে হিংসুক ৰূপ লোৱাৰ আশংকা কৰি এই স্বাধীনতা প্ৰদানৰ প্ৰক্ৰিয়াটো খৰতকীয়া কৰি তোলে৷ তেওঁ দ্বিতীয় বিশ্বযুদ্ধত জাপানে আত্মসমৰ্পণ কৰাৰ দ্বিতীয় বাৰ্ষিকীৰ দিনটো অৰ্থাৎ ১৫ আগষ্টৰ দিনটো ইয়াৰ বাবে ঠিক কৰে৷ ১৯৪৭ চনৰ ৩ জুন তাৰিখে ব্ৰিটিছ চৰকাৰে দেশ বিভাজনৰ দাবী গ্ৰহণ কৰে৷ ভাৰতীয় স্বাধীনতা আইনৰ মতে অৱশেষত ভাৰতবৰ্ষক ভাৰত আৰু পাকিস্তান নামেৰে বিভাজন কৰা হয়৷

 স্বাধীনতা লাভৰ মাহটোত আৰু তাৰ পিছতো লাখ লাখ মুছলমান, শিখ আৰু হিন্দু শৰণাৰ্থীয়ে নতুনকৈ থিৰ কৰা সীমান্তৰে পাৰ হ’ল৷ পাঞ্জাবৰ শিখসকলক দুভাগ কৰি থিৰ কৰা সীমান্তৰ দুয়োকাষেই বহুতো ৰক্তপাতৰ ঘটনা ঘটিল৷ পশ্চিমবংগ আৰু বিহাৰত অৱশ্যে মহাত্মা গান্ধীৰ উপস্থিতিয়ে হিংসাত্মক ঘটনাৰ হাৰ কিছু পৰিমাণে হ’লেও কমাই ৰাখিলে৷ সকলো মিলাই ভাৰতবৰ্ষত দেশ বিভাজনৰ সময়ত বিভিন্ন হিংসাত্মক ঘটনাত প্ৰায় ২৫০,০০০ ৰ পৰা ১,০০০,০০০ পৰ্যন্ত লোকৰ প্ৰাণহানি হ’ল বুলি তথ্য পোৱা যায়৷ দেশজুৰি স্বাধীনতা লাভৰ বাবে হোৱা আনন্দৰ পৰা আঁতৰি গান্ধীজীয়ে কলকাতাতে বাহৰ পাতি হিংসা প্ৰতিৰোধৰ প্ৰচেষ্টা লয়৷

সম্পৰ্কিত প্ৰবন্ধসমূহ

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । প্ৰয়োজনীয় ক্ষেত্ৰসমূহত *এৰে চিন দিয়া হৈছে

1 + twelve =

Back to top button