জীৱনশৈলীবলিউড

মাতৃ হ’ল আলিয়া, ৰণবীৰ-আলিয়াৰ জীৱনলৈ আহি আছে জুনিয়ৰ কাপুৰ…

ইনষ্টাগ্ৰামত ৰণবীৰ-আলিয়াই এটা আলট্ৰাচাউণ্ড কপিলৈ চাই থকা এখন বিশেষ ফটো শ্বেয়াৰ কৰাৰ লগতে আলিয়াই শ্বেয়াৰ কৰে এখন সিংহৰ পৰিয়ালৰ ফটো।

ৰণবীৰ-আলিয়াৰ জীৱনলৈ নতুন আলহী। দুয়োৰে জীৱন পোহৰাবলৈ আহি আছে জুনিয়ৰ কাপুৰ। মাতৃ হ’ল বলিউডৰ মোহময়ী অভিনেত্ৰী আলিয়া ভাট। সোমবাৰে, ইনষ্টাগ্ৰামযোগে আলিয়াই ঘোষণা কৰে এই নতুন খবৰ। এখন ফটো আপলোড কৰি আলিয়াই, ‘Our Baby….. coming soon’ বুলি পোষ্ট দিয়াৰ পাছতেই অনুৰাগীয়ে শুভকামনাৰে ওপচাই পেলায় দুয়োকে।

 

ইনষ্টাগ্ৰামত ৰণবীৰ-আলিয়াই এটা আলট্ৰাচাউণ্ড কপিলৈ চাই থকা এখন বিশেষ ফটো শ্বেয়াৰ কৰাৰ লগতে আলিয়াই শ্বেয়াৰ কৰে এখন সিংহৰ পৰিয়ালৰ ফটো। ফটোখনত এজনী মাইকী সিংহই এটা সিংহৰ সৈতে আলিংগন কৰি আছে আৰু এটা পোৱালিয়ে দুয়োলৈ চাই ৰৈছে। ফটোখনে যথেষ্ট তাৎপৰ্য বহন কৰিছে। কিয়নো এই ফটোখনে দুয়োৰে দক্ষিণ আফ্ৰিকাৰ প্ৰতি থকা ভালপোৱাৰ তাৎপৰ্য বহন কৰিছে। দুয়োয়ে ইতিমধ্যে, বহুকেইটা জংঘল চাফাৰীও কৰিছে। সেয়েহে আলিয়াই নিজৰ মাতৃত্বৰ পোষ্টৰ লগতে শ্বেয়াৰ কৰে এই বিশেষ ফটোখন।

 

ইনষ্টাগ্ৰাম পোষ্টৰ লিংক 👇🏻👇🏻👇🏻

https://www.instagram.com/p/CfS-_HvMhQ8/?utm_source=ig_web_copy_link

উল্লেখ্য যে, বিয়াৰ দুমাহ পাছতেই ৰণবীৰ-আলিয়াই শ্বেয়াৰ কৰে তেওঁলোকৰ সুখবৰ। চলিত বৰ্ষৰ ১৪ এপ্ৰিলত অতি গোপনভাৱে বিবাহপাশত আৱদ্ধ হৈছিল দুয়ো। এই খবৰৰ পাছতে ৰণবীৰৰ মাতৃ নীতু কাপুৰকো যথেষ্ট উৎফুল্লিত হোৱা দেখা গৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 5 =

Back to top button