Social
বিশ্বৰ আটাইতকৈ ধনী অভিনেতা শ্বাহৰুখ খান! কিমান টকাৰ সম্পতিৰ মালিক শ্বাহৰুখ খান।
বিশ্বৰ আঠ গৰাকী ধনি অভিনেতাৰ তালিকাত স্থান পালে প্ৰথমগৰাকী ভাৰতীয়ই।

বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ বিশ্বব্যাপী অনুৰাগীৰ আধাৰ আছে। তিনি দশকজুৰি তেওঁৰ কেৰিয়াৰত ৯০ খনতকৈও অধিক চলচ্চিত্ৰ প্ৰদান কৰা বলীউডৰ বাদশ্বাহক বিশ্বৰ ছবিজগতৰ অন্যতম সফল তাৰকা হিচাপে গণ্য কৰা হয়। আৰু তেওঁৰ বক্স অফিচৰ সফলতাই তেওঁক জনসাধাৰণৰ প্ৰিয় কৰি তুলিছে।
বিশ্বৰ আঠ গৰাকী ধনি অভিনেতাৰ তালিকাত স্থান পালে প্ৰথমগৰাকী ভাৰতীয়ই। চতুৰ্থ ধনী অভিনেতাৰ স্থান পালে শ্বাহৰুখ খানে। দেওবাৰে ৱৰ্ল্ড অৱ ষ্টেটিষ্টিক্সে প্ৰকাশ কৰা ‘বিশ্বৰ আটাইতকৈ ধনী অভিনেতা’ তালিকা অনুসৰি, জেৰী ছেইনফিল্ড, টাইলাৰ পেৰী আৰু ডোৱেন জনছনৰ পিছত শ্বাহৰুখ খান এতিয়া বিশ্বৰ চতুৰ্থ ধনী অভিনেতা।
তালিকাখনত এছ আৰ কে একমাত্ৰ ভাৰতীয় অভিনেতা। তেওঁৰ মুঠ সম্পত্তিৰ মূল্য $770 নিযুত বুলি উল্লেখ কৰা হৈছে, যি হৈছে প্ৰায় 6,306 কোটি টকা।