Internationalleatest updateOlympicsSocialSports
৬টা পদকেৰে অন্ত পৰিল ভাৰতৰ অলিম্পিক যাত্ৰা।
ভাৰতীয় সময় অনুসৰি নিশা ১২.৩০ বজাত সামৰণি পৰিব বৰ্মণময় পেৰিছ অলিম্পিক

আজি অন্ত পৰিব বৰ্মণময় পেৰিছ অলিম্পিক। আজি পেৰিছ অলিম্পিকৰ সামৰণি অনুষ্ঠান। ভাৰতীয় সময় অনুসৰি নিশা ১২.৩০ বজাত পৰিব সামৰণি। দ্য ষ্টেড দি ফ্ৰান্স ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বৰ্ণাঢ্য সামৰণি অনুষ্ঠান। সামৰণি অনুষ্ঠানত এথলীটসকলে কৰিব পেৰেড। এক্ৰোবেটছ, নৃত্য, সংগীত, ছাৰ্কাছ আদিও কৰিব প্ৰদৰ্শন।
৬টা পদকেৰে অন্ত পৰিল ভাৰতৰ অলিম্পিক যাত্ৰা। সামৰণি অনুষ্ঠানত ভাৰতৰ হৈ পতাকা বহন কৰিব পি আৰ শ্ৰীজেছে। দুটাকৈ ব্ৰঞ্জ বিজয়ী মনু ভাকেৰেও বহন কৰিব ভাৰতীয় পতাকা। সামৰণি অনুষ্ঠানত উপস্থাপন কৰা হ’ব অলিম্পিকৰ পতাকাও। ২০২৮ত লছ এঞ্জেলছত অনুষ্ঠিত হ’ব পৰৱৰ্তী অলিম্পিক।