অসমদৈনিক বাতৰিবিশ্বৰাজনৈতিক

অশান্ত পাকিস্তান! কি হ’ব পাকিস্তানৰ ভৱিষ্যত…

২০১৮ চনত সমগ্ৰ বিশ্বক আচৰিত কৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণ
কৰিছিল ইমৰাণ খানে। কিন্তু ২০১৮ত শাসনভাৰ তুলি লোৱা ইমৰাণ খানক
আতৰাই ২০২২ চনত পাকিস্তানৰ প্ৰধানমন্ত্ৰী হ’ল শ্বেহবাজ শ্বৰীফ।

অতিৰিক্ত মূল্যবৃদ্ধিয়ে দেশখনক জুৰুলা কৰাৰ ওপৰিও বিত্তীয় কেলেংকাৰীৰ
বাবে প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ওপৰত বহু গোচৰ ৰুজু কৰা হৈছিল। যিকোনো
মুহুৰ্ততে গ্ৰেপ্তাৰ হোৱাৰ আশংকাই দহি নিছিল ইমৰাণ খান আৰু তেওঁৰ সমৰ্থক
সকলক । আ অৱশেষত ২০২৩ বৰ্ষৰ ৯ মে’ত গ্ৰেপ্তাৰ কৰা হ’ল ইমৰাণ খানক।

তাৰ পাছতেই জ্বলি উঠিল সমগ্ৰ পাকিস্তান। ৰাজপথলৈ ওলাই আহিল হেজাৰ
হেজাৰ জনতা। নিমিষতে অগ্নিগৰ্ভা হৈ পৰিল পাকিস্তান। ক্ষন্তেকতে প্ৰতিবাদ
মুখৰ হৈ পৰিল পাকিস্তান। আনহাতে, প্ৰতিবাদকাৰীৰ ওপৰত সেনাৰ
গুলীচালনাৰ ভিডিঅ’ও প্ৰকাশ হ’ল সামাজিক মাধ্যমত। যাৰ ফলত দেশখনত
চৰকাৰে সকলো ধৰণৰ সামাজিক মাধ্যম বন্ধ কৰি দিবলৈ বাধ্য হৈ পৰিল। অশান্ত
হৈ পৰিল পাকিস্তানৰ ৰাজনৈতিক আৰু সামাজিক পৰিৱেশ।

উল্লেখ্য যে আগন্তক সময়ত পাকিস্তানৰ এই পৰিৱেশে অতি ভয়াৱহ ৰূপ লোৱাৰ
আশংকা কৰিছে বিশ্বৰ সচেতন মহলে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 5 =

Back to top button