আন্তঃৰাষ্ট্ৰীয়

ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধ নকৰে আমেৰিকাই, NATO-ৰাছিয়াৰ মাজত হোৱা সংঘৰ্ষই হৈছে তৃতীয় বিশ্বযুদ্ধ…!

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰশক্তিয়ে ৰাছিয়াক ইয়াৰ "আটাইতকৈ অনুকূল ৰাষ্ট্ৰ"(most favoured nation) বাণিজ্যিক স্থিতিৰ পৰা আঁতৰাই দিয়াৰ ক্ষেত্ৰতো পদক্ষেপ গ্ৰহণ কৰিছে।

অব্যাহত আছে ৰাছিয়া-ইউক্ৰেইনৰ মাজত সংঘাত। চুবুৰীয়া ৰাষ্ট্ৰ ইউক্ৰেইনৰ ওপৰত ২৪ ফেব্ৰুৱাৰীতে আক্ৰমণ আৰম্ভ কৰিছিল ৰাছিয়াই। ইউক্ৰেইনৰ বহুকেইখন চহৰ নিজৰ দখললৈ অনা ৰাছিয়াই ইতিমধ্যে দখল কৰিছে ইউক্ৰেইনৰ বহুকেইখন চহৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে কয় যে, ইউক্ৰেইনৰ বিৰুদ্ধে ৰাসায়নিক অস্ত্ৰ(chemical weapons) ব্যৱহাৰ কৰিলে কঠোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব ৰাছিয়া।

 

শুকুৰবাৰে, ৰাষ্ট্ৰপতি বাইডেনে ঘোষণা কৰে যে-‘আমি ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধ নকৰো। NATO আৰু ৰাছিয়াৰ মাজত হোৱা এই প্ৰত্যক্ষ যুঁজখন হৈছে তৃতীয় বিশ্বযুদ্ধ। আমি এই যুদ্ধক প্ৰতিহত কৰিব লাগিব’। ৰাছিয়াৰ অৰ্থনীতিক প্ৰতিহত কৰিবৰ বাবে চেষ্টা অব্যাহত ৰখাৰ ঘোষণা বাইডেনৰ। ৰাছিয়াৰ ভডকা, সাগৰীয় খাদ্য, হীৰাৰ ওপৰত নতুন অনুমোদন লগোৱাৰ কথা উল্লেখ কৰে বাইডেনে। ৰাছিয়াৰ অৰ্থনীতিৰ পৰা ৰপ্তানি হোৱা বহু সামগ্ৰী বৰ্জনৰো লক্ষ্য কৰি লোৱা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰশক্তিয়ে ৰাছিয়াক ইয়াৰ “আটাইতকৈ অনুকূল ৰাষ্ট্ৰ”(most favoured nation) বাণিজ্যিক স্থিতিৰ পৰা আঁতৰাই দিয়াৰ ক্ষেত্ৰতো পদক্ষেপ গ্ৰহণ কৰিছে।

 

বাইডেনে কয় যে, “আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আমাৰ মিত্ৰশক্তি, অংশীদাৰসকলে পুটিনৰ ওপৰত অৰ্থনৈতিক চাপ বৃদ্ধি কৰিবলৈ আৰু বিশ্বৰ মঞ্চত ৰাছিয়াক অধিক বিচ্ছিন্ন কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে”। ২৪ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে “বিশেষ সামৰিক অভিযান” ঘোষণা কৰাৰ পিছতেই ৰাছিয়াৰ ওপৰত কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলি জনায় যুক্তৰাজ্যৰ বৈদেশিক সচিব লিজ ট্ৰাছে। আমেৰিকাই ৰাছিয়াৰ অৰ্থনীতিৰ ওপৰত হেঁচা প্ৰয়োগ কৰিলেও ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ বন্ধ কৰিব নে নকৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − one =

Back to top button