অসমগুৱাহাটীদৈনিক বাতৰি

বিহুক ইউনেস্কোৰ অস্থাৱৰ সাংস্কৃতিক ঐতিহ্যৰ তালিকাত অন্তর্ভুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰয়াস

বিহুক ইউনেস্কোৰ অস্থাৱৰ সাংস্কৃতিক ঐতিহ্যৰ তালিকাত অন্তর্ভুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰয়াস

বিহুক ইউনেস্কোৰ অস্থাৱৰ সাংস্কৃতিক ঐতিহ্যৰ তালিকাত অন্তর্ভুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰয়াস। সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত বিশেষ বৈঠক।

অসমীয়াৰ বাপতিসাহোন বিহু উৎসৱক ইউনেস্কোৰ অস্থাৱৰ বা অস্পৰ্শনীয় সাংস্কৃতিক ঐতিহ্য (Intangible Cultural Heritage)ৰ তালিকাত স্থান প্ৰদানৰ বাবে প্ৰচেষ্টা চলোৱাৰ উদ্দেশ্যে দিছপুৰৰ জনতা ভৱনৰ কাৰ্যালয়ত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

বৈঠকত ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক, সাংস্কৃতিক সংস্থা বা ইউনেস্কোৰ অধীনস্থ ইক’মছ (ICOMOS )ৰ উত্তৰ-পূব মণ্ডলৰ সমন্বয়ক দিলীপ চাংকাকতীয়ে সাংস্কৃতিক ঐতিহ্য তালিকাত বিহু উৎসৱৰ অন্তর্ভুক্তিৰ ক্ষেত্রত থকা নীতি নিয়মৰ বিষয়ে অৱগত কৰাৰ লগতে এই ক্ষেত্ৰত সম্ভৱপৰ সকলোধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।

ইউনেস্কোৰ Intangible Cultural Heritageৰ তালিকাত অন্তর্ভুক্তিৰ ক্ষেত্রত মৌখিক পৰম্পৰা, পৰিৱেশ্য কলা, সামাজিক পৰম্পৰা, জ্ঞান প্ৰসাৰী, ৰীতি-নীতি, উৎসৱ, বিশ্ব -ব্ৰহ্মাণ্ড আৰু প্ৰকৃতিৰে সম্পৰ্কিত কাৰ্য, পৰম্পৰাগত কলা সৃষ্টিকাৰী জ্ঞান আৰু দক্ষতা আদি বিষয় বিবেচনা কৰা হয়।

ইতিমধ্যে কুম্ভমেলা, পশ্চিম বংগৰ দূৰ্গা পূজা, মণিপুৰৰ সংকীৰ্তন, ৰাজস্থানৰ কালবেলীয়া নৃত্য কলা,সংস্কৃত নাট, কুটিয়াট্টম, চাও নৃত্যকে ধৰি ভাৰতৰ মুঠ ১৩টা সাস্কৃতিক পৰম্পৰাই ইউনেস্কোৰ ইনটেঞ্জিবল কালচাৰেল হেৰিটেজৰ স্থান লাভ কৰিছে।

ইক’মছৰ অহা ডিচেম্বৰত মেলবৰ্ণত অনুষ্ঠিত সভাত যাতে বিহু উৎসৱক ঐতিহ্য তালিকাত অন্তর্ভুক্তিৰ ক্ষেত্রত সঠিকভাবে উপস্থাপন কৰিব পৰা যায় তাৰ বাবে সাংস্কৃতিক মন্ত্রী বিমল বড়াই যাৱতীয় নথিপত্ৰ প্ৰস্তুত কৰিবলৈ বিষয়াসকলক সভাত নিৰ্দেশ দিয়ে।

ইউনেস্কোৰ ইনটেঞ্জিবল কালচাৰেল হেৰিটেজৰ তালিকাত অন্তর্ভুক্ত হলে বিহু উৎসৱে বিশ্ব জুৰি প্ৰসিদ্ধি লাভ কৰাৰ লগতে ইয়াৰ প্ৰতি বিশ্ব বাসীৰ উৎসুকতাও বৃদ্ধি পাব, লগে লগে পৰ্যটনৰ ক্ষেত্রখনো সমৃদ্ধ হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × four =

Back to top button