AssamCMO Assamleatest update

সৰ্বসাধাৰণৰ মূৰত পুনৰ মাধমাৰ; আজিৰে পৰা ৰাজ্যত পুনৰ বৃদ্ধি পালে বিদ্যুতৰ মাচুল!

প্ৰতি ইউনিটত ১.২৯ টকা পৰ্যন্ত বৃদ্ধি বিদ্যুৎ মাচুল।

সৰ্বসাধাৰণৰ মূৰত পুনৰ মাধমাৰ। আজিৰে পৰা ৰাজ্যত পুনৰ বৃদ্ধি পালে বিদ্যুতৰ মাচুল। প্ৰতি ইউনিটত ১.২৯ টকা পৰ্যন্ত বৃদ্ধি বিদ্যুৎ মাচুল। ৩০০ ইউনিউটলৈ বিদ্যুৎ মাচুল বৃদ্ধি পাব ৩০ পইচাকৈ। ৩০০-৫০০ ইউনিটলৈ বিদ্যুৎ মাচুল বৃদ্ধি পাব ইউনিটত ৫০ পইচাকৈ। ৫০০ৰ অধিক ইউনিট ব্যৱহাৰ কৰিলে ভৰিব লাগিব ইউনিটত ১.২৯ টকা। বাণিজ্যিক-ঔদ্যোগিক ক্ষেত্ৰতো বিদ্যুৎ মাচুল বৃদ্ধি পাব ১.২৯ টকাকৈ। বিদ্যুতৰ মাচুল বৃদ্ধিক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ জোৱাৰ।

বিদ্যুৎ বিল বৃদ্ধি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বিদ্যুৎ মাচুল বৃদ্ধি পোৱা বাতৰিটো সম্পূৰ্ণ ভুল বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। ৩০০ ইউনিটৰ ওপৰত ব্যৱহাৰ কৰা সকলৰহে বাঢ়িছে বিদ্যুৎ বিল। ৫০০ ইউনিট অৰ্থাৎ চৰকাৰী কাৰ্যালয়ৰ বৃদ্ধি কৰা হৈছে মাচুল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 2 =

Back to top button