ব্যস্ত ৰাজপথত নৃত্য কৰি ভাইৰেল এইগৰাকী যুৱতী, ভাইৰেল হৈ এতিয়া বিপদত সুন্দৰী যুৱতীগৰাকী, চাওঁক ভিডিঅ’
৩০ ছেকেণ্ডৰ ভিডিঅ'টিত শ্ৰেয়া কালৰাই দ'জা কেটৰ Let Me Be Your Woman শীৰ্ষক গীতটিত নৃত্য পৰিৱেশন কৰিছিল
ট্ৰেফিক চিগনেলত নৃত্য কৰি ভাইৰেল এগৰাকী যুৱতী।ইন্দোৰৰ ৰেচ’মা স্কোৱায়েৰত নৃত্য কৰা এই যুৱতীগৰাকীৰ নাম শ্ৰেয়া কালৰা।
ইন্দোৰৰ এইগৰাকী মডেল, শ্ৰেয়া কালৰাই ব্যস্ত ৰাজপথৰ ট্ৰেফিক চিগনেলত নৃত্য কৰি ক্ষণিকতে ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত। ট্ৰেফিক চিগনেলৰ ৰঙা লাইট জ্বলাৰ পিছতে জেব্ৰা ক্ৰচিঙত নৃত্য কৰে যুৱতীগৰাকীয়ে। চাওঁক ভিডিঅ’-
Very irresponsible what ppl like this Indore girl do for some likes…not the path to follow…someone is going to end up getting hurt pic.twitter.com/SkzpYjwGn1
— Parvinn Dabass (@parvindabas) September 17, 2021
সেই স্থানত উপস্থিত থকা সকলোৱে যুৱতীগৰাকীৰ নৃত্য দেখি প্ৰথমতে সেয়া ইন্দোৰ পুলিচৰ ট্ৰেফিক কন্ট্ৰ’লৰ বাবে অভিযান বুলি ভুল কৰে। যেতিয়া ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে, তেতিয়া সকলোৱে এয়া পাব্লিচিটীৰ কাৰণে কৰিছে বুলি গম পায়।
৩০ ছেকেণ্ডৰ ভিডিঅ’টিত শ্ৰেয়া কালৰাই দ’জা কেটৰ Let Me Be Your Woman শীৰ্ষক গীতটিত নৃত্য পৰিৱেশন কৰিছিল।
ট্ৰেফিক চিগনেলৰ লাইট সেউজীয়া নোহোৱালৈকে নৃত্য কৰে যুৱতীগৰাকীয়ে। ইতিমধ্যে, মডেল শ্ৰেয়া কালৰাৰ বিৰুদ্ধে IPC ধাৰা ২৯০ৰ অধীনত ট্ৰেফিক নিয়ম ভংগৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ।
এই ঘটনাৰ পিছত শ্ৰেয়া কালৰাই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে ভিডিঅ’ৰ আঁৰৰ কাহিনী। তেওঁ কয় যে, আচলতে ট্ৰেফিক পইন্টত নৃত্য কৰি শ্ৰেয়াই সকলোকে মাস্ক পিন্ধিবলৈ সজাগ কৰিবহে বিচাৰিছিল। অৱশ্যে বহুতেই যদিও শ্ৰেয়াক কটু মন্তব্য কৰিছে, তঠাপি বহুতেই শ্ৰেয়াৰ সপক্ষে মন্তব্য প্ৰদান কৰিছে।




