অপৰাধ

আৰক্ষীৰ পৰা পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীৰ গুলীত আহত ভূ-মাফিয়া নজৰুল ইছলাম

বনাঞ্চলত উপস্থিত হোৱাৰ পিছতে নজৰুলে পলাই যাবলৈ চেষ্টা কৰে

আৰক্ষীৰ গুলীত ধৰাশায়ী ভূ-মাফিয়া নজৰুল। আৰক্ষীৰ জিম্মাৰ পৰা পলাই যাবলৈ চেষ্টা কৰাৰ সময়তেই গুলীবিদ্ধ ভূ-মাফিয়া নজৰুল ইছলাম। আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত নজৰুল ইছলাম।

দীৰ্ঘদিন ধৰি চৰ্চিত এটি নাম-নজৰুল। লামডিং বনাঞ্চলৰ উচ্ছেদৰ সময়ত মুখ্যমন্ত্ৰীৰ মুখতো বাৰে-বাৰে উচ্চাৰিত হৈছিল এই নাম। নজৰুলক বিচাৰি সকলোৱে কৰিছিল চলাথ। কিছুদিন পূৰ্বে আৰক্ষীৰ জিম্মালৈ অহা নজৰুল ইছলামক আজি আৰক্ষীয়ে লৈ গৈছিল লামডিং সংৰক্ষিত বনাঞ্চললৈ।

বনাঞ্চলত উপস্থিত হোৱাৰ পিছতে আৰক্ষীৰ ওচৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰে নজৰুলে। ইছলামে পলায়ন কৰোঁতে এজন আৰক্ষী বিষয়াৰ পৰা পিষ্টল কাঢ়ি লৈ আৰক্ষীলৈকে গুলী চালনা কৰে। নজৰুলে গুলী চালনা কৰাত আৰক্ষীয়েও ওলোটাই গুলী চালনা কৰিবলৈ উদ্যত হয়। গুলীয়াগুলীৰ ফলত বাওঁ ভৰিত আঘাতপ্ৰাপ্ত হয় ধৃত নজৰুল।

বৰ্তমান নগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে অপৰাধী নজৰুল।

উল্লেখযোগ্য যে, নজৰুলক ১৬নৱেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ৩দিনআৰক্ষীৰ জিম্মাত আছিল নজৰুল।

ইয়াৰ পূৰ্বেও, হোজাই আৰক্ষীয়ে এটা উচ্ছেদ অভিযান চলাইছিল য’ত শেহতীয়াকৈ চলোৱা অভিযানত উচ্ছেদ কৰা লোকসকলে নজৰুলৰ নাম প্ৰকাশ কৰিছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − five =

Back to top button