fifa worldcup 2026Internationalleatest updateSportsদৈনিক বাতৰিবিশ্ব

এইবাৰ বিশ্বকাপ ফুটবলত টিকটৰ দামৰ মহাবিষ্ফোৰণ

ফিফাই টিকটৰ দাম ঠিৰাং কৰিছে 'ডাইনেমিক প্ৰাইচিং' পদ্ধতিত...

বিশ্বকাপত এইবাৰ টিকটৰ দামৰ মহাবিষ্ফোৰণ
১৯৯৮ত ফাইনেলৰ কেটেগৰী-১ টিকটৰ দাম আছিল কেইশ ডলাৰ
এইবাৰ তেনে টিকটৰ দাম ১০,৯৯০ ডলাৰ
ভাৰতীয় মুদ্ৰাত ১০ লাখ ৪৫ হাজাৰ টকা
ফিফাই টিকটৰ দাম ঠিৰাং কৰিছে ‘ডাইনেমিক প্ৰাইচিং’ পদ্ধতিত
অৰ্থাৎ, টিকটৰ চাহিদা বাঢ়িলেই দামও বাঢ়ে
এনে পদ্ধতিত
এইবাৰ কোনো টিকটৰ দাম হৈছেগৈ ৪ কোটি টকা
কোটি টকা দি বিশ্বকাপ কি সাধাৰণ দৰ্শকে চাব পাৰিব?
বিশ্বকাপত আমেৰিকাই চলাইছে ভাৰাৰ সন্ত্ৰাস…
বিশ্বকাপৰ সময়ত
নিউ জাৰ্ছিৰ পৰা ষ্টেডিয়ামলৈ ৰে’লৰ ভাৰা ৯৮ ডলাৰ
বিশ্বকাপৰ পূৰ্বে সেই ভাৰা আছিল মাত্ৰ ১২ ডলাৰ
বষ্টনত ২০ ডলাৰৰ ৰে’ল ভাৰা বঢ়াই কৰিছে ৮০ ডলাৰ
মায়ামিত ব্ৰাইটলাইন ৰে’লৰ ভাৰা বঢ়াইছে পাঁচগুণ
পূৰ্বৰ ২৮ ডলাৰ বিশ্বকাপৰ সময়ত হৈছেগৈ ১৪১ ডলাৰ

অৰ্থাৎ মায়ামিত হোটেলৰ পৰা ষ্টেডিয়ামলৈ অহা-যোৱাৰ খৰছ হ’ব ভাৰতীয় মুদ্ৰাত ১৩,৩৩৬ টকা। মাৰ্কিন কৰ্তৃপক্ষৰ দাবী, চহৰৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ বাবেই বিশ্বকাপৰ সময়ত তেওঁলোকে ৰে’লৰ ভাৰা ৪-৫ গুণ বঢ়াইছে। কিন্তু ফুটবল অনুৰাগীৰ মতে এয়া আমেৰিকাৰ ধন ঘটাৰ কৌশল।

এজন ভাৰতীয়ৰ বাৰ্ষিক জনমুৰি আয় ২ লাগ ৬৮ হাজাৰ টকা। সেয়ে একোজন চহকী ভাৰতীয়ৰ বাবেও এই বিশ্বকাপ চোৱা সহজ নহয়। ফিফাৰে মিলি আমেৰিকাই তৈয়াৰ কৰা বিশ্বকাপৰ এই পৰিস্থিতিক ‘স্পৰ্টছ প্ৰিমিয়ামাইজেচন’ বুলি অভিহিত কৰা হৈছে। এয়া হৈছে ফুটবলৰ ধন কুবেৰ সংস্কৃতি। এই সংস্কৃতিত বিউটিফুল গেম ফুটবল সাধাৰণৰ বাবে হৈ থকা নাই।বিশ্বকাপ ফুটবল এতিয়া ধন কুবেৰৰ খেল।

ফুটবলক পেলেই ‘বিউটিফুল গেম’ বুলি অভিহিত কৰিছিল। মুলতঃ ফুটবলৰ সৰলতা,শৈল্পিক ছন্দ আৰু সাৰ্বজনীন আবেদনৰ বাবেই ফুটবলৰ এনে সংজ্ঞা নিৰূপন কৰিছিল। পেলেৰ মতে ফুটবল এনে এবিধ খেল, য’ত কোনো আভিজাত্যৰ প্ৰাচীৰ নাই, ধনী-দুখীয়াৰ বিভেদ নাই। কিন্তু আজি পেলেও নাই আৰু ফুটবলত সহজ-সৰল সাধাৰণৰ প্ৰৱেশাধিকাৰো নাই। ফুটবল এতিয়া চহকীয়েহে উপভোগ কৰিব পৰা খেল। অন্ততঃ উত্তৰ আমেৰিকাত চলি থকা বিশ্বকাপ ফুটবলে সেই সত্যকে প্ৰতিফলিত কৰিছে।

সেই সত্য প্ৰতিষ্ঠা কৰাত মূল আয়োজক আমেৰিকা এখোপ চৰা। কিয়নো, আমেৰিকাৰ বিশ্বকাপৰ খেলপথাৰৰ উত্তেজনাৰ আঁৰত লুকাই আছে আকাশচুম্বী ব্যয়ৰ পাহাৰ। গেলেৰীত নবহিলে ফুটবলৰ মাধুৰ্য উপভোগ কৰিব নোৱাৰি। কিন্ত আমেৰিকাৰ এখনো ষ্টেডিয়ামত গেলেৰীত বহি খেল চোৱা মধ্যবিত্ত-নিম্নবিত্তৰ বাবে অসম্ভৱ।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.