স্বাস্থ্য

গেষ্ট্ৰিকৰ সমস্যাত দিশহাৰা হৈছে নেকি আপুনি? এই ৪বিধ খাদ্য খালে তৎক্ষণাত আৰাম পাব আপুনি…

কিন্তু গেষ্ট্ৰিকৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব আপুনি? কি কি খাদ্যই আপোনাক সকাহ দিব গেষ্ট্ৰিকৰ সমস্যাৰ পৰা-

মচলা দিয়া, তেলত ভজা, সুগন্ধিৰে ভৰা বিভিন্ন সুস্বাদু খাদ্য খাই ভাল পায়নে আপুনি? নিশ্চয় এনেবোৰ খাদ্য খাই বেয়া পোৱাৰ কোনো কথাই নাহে। ৰাস্তাৰ কাষত সজাই থোৱা, দেখিলেই খাওঁ খাওঁ যেন লগা খাদ্য দেখিলে আমাৰ বহুতৰে জিভাৰ পানী পৰে। কিন্তু এনেবোৰ খাদ্য খাই গেষ্ট্ৰিকৰ সমস্যাত ভুগে বহুজন।

কিন্তু গেষ্ট্ৰিকৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব আপুনি? কি কি খাদ্যই আপোনাক সকাহ দিব গেষ্ট্ৰিকৰ সমস্যাৰ পৰা-

১)আদা


চৰ্দি-কাহ হ’লে আমি প্ৰায়ে আদা খাওঁ।কিন্তু এই আদাই আপোনাক সকাহ দিব গেষ্ট্ৰিকৰ দৰে সমস্যাৰ পৰা। গৰম পানীত আদা উতলাই খালে গেষ্ট্ৰিকৰ সমস্যা দূৰ হয়।

২)কমলা টেঙা


কমলা হৈছে এনে এক ফল, য’ত যথেষ্ট পৰিমাণে আছে ফাইবাৰ। কমলাৰ ৰস উলিয়াই খালে আপুনি উপশম পাব গেষ্ট্ৰিকৰ পৰা।

৩)সৰিয়হৰ বীজ


সৰিয়হৰ বীজত ফাইবাৰ প্ৰচুৰ পৰিমাণে থাকে। যাৰফলত পাচনতন্ত্ৰ ঠিক হোৱাৰ লগতে পেট খোলোচা হয় আৰু গেছৰ সমস্যা দূৰ হয়।

৪)নেমুটেঙা


নেমুটেঙা হৈছে বহুকেইটা ৰোগ নিৰাময়কাৰী ঔষধ। নেমুটেঙাৰ ৰস চৰ্বত কৰি খালে অথবা চালাদত চেপি খালেও গেষ্ট্ৰিকৰ সমস্যা দূৰ হয়। নেমুত থকা কেলছিয়াম, আয়ৰন, পটেছিয়াম, মেগনেছিয়াম আৰু ফছফৰাছে পেটৰ সমস্যা দূৰ কৰে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − ten =

Back to top button