অপৰাধঅৰ্থনৈতিকঅসম

নিৰ্মাণৰ কাম শেষ হোৱাৰ পাছতেই খহি পৰিল পথৰ দুয়ো কাষৰ ব্লক

অনিয়মৰ অভিযোগ

নগাঁও জিলাৰ কঠিয়াতলীত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আঁচনিৰ পথ নিৰ্মাণত ঠিকাদাৰে অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে।
কামপুৰ-কঠিয়াতলী পথৰ কঠালগুৰিৰ পৰা উপবৰ লালুং গাঁও সংযোগী ২.১ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা নিৰ্মাণৰ কাম শেষ হোৱাৰ পাছতেই ক্ৰমাৎ খহি গৈছে পথৰ দুয়ো কাষৰ ব্লকবোৰ।
২ কোটি ৭৯ লাখ ১৮ হাজাৰ টকাৰ নিৰ্মাণৰ ব্যয় সাপেক্ষে ঠিকাদাৰ ধ্ৰুৱজ্যোতি বৰগো‍হাঁয়ে পথটোত কেৱল মাটি পেলাই ৰোলাৰ মাৰি ব্লকবোৰ বহাই পথটো অনিয়মেৰে নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন হৈছে।
পথটোত এতিয়া এনেকৈ ঠায়ে ঠায়ে ব্লকবোৰ বহি যোৱাৰ লগতে দুৰ্ঘটনা প্ৰতিৰোধক খুটাবোৰো খহি যোৱাৰ উপক্ৰম হৈছে। স্থানীয় ৰাইজে অতি শীঘ্ৰে পথছোৱা পুনৰনিৰ্মাণ কৰিবলৈ গড়কাপ্তানী বিভাগক অনুৰোধ জনাইছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.