অসমসংস্কৃতিসাহিত্য

জ্ঞানপীঠ বঁটা বিজয়ী, সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ মৃত্যু বাৰ্ষিকীত তেওঁৰ জীৱন আৰু কৰ্মৰাজীক স্মৰণ….

জ্ঞানপীঠ বঁটাৰে সন্মনিত ইন্দিৰা গোস্বামী ওৰফে মামণি ৰয়ছম গোস্বামী অসমীয়া সাহিত্যৰ জগতত এক উজ্বল নক্ষত্ৰ

জ্ঞানপীঠ বঁটাৰে সন্মনিত ইন্দিৰা গোস্বামী ওৰফে মামণি ৰয়ছম গোস্বামী অসমীয়া সাহিত্যৰ জগতত এক উজ্বল নক্ষত্ৰ৷
১৯৪২ চনৰ ১৪ নৱেম্বৰ তাৰিখে জন্মলাভ কৰা মামণি ৰয়ছম গোস্বামীৰ পিতৃ আছিল এগৰাকী সফল শিক্ষাবিদ। তেখেত চিলেটৰ ‘মুৰাৰী চান্দ কলেজ’ৰ লগতে অসমৰ ঐতিহ্যমণ্ডিত ‘কটন কলেজ’ত অথৰ্নীতি বিভাগৰ অধ্যাপক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল৷ পৰৱৰ্তী সময়ত, ১৯৫০ চনত তেখেত অবিভক্ত অসমৰ শিক্ষাধিকাৰ ৰূপেও নিযুক্ত হৈছিল৷
জৱাহৰলাল নেহৰুৰ জন্ম দিনটোতে ইন্দিৰা গোস্বামীৰ জন্ম হোৱাত পিতৃয়ে এই নাম প্ৰদান কৰিছিল আৰু মাতৃয়ে চেনেহেৰে ‘মামণি’ বুলি মাতিছিল৷
তেখেতৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল গুৱাহাটীৰ ‘লতাশিল প্ৰাথমিক বিদ্যালয়’ত৷ ১৯৫০ চনত পিতৃ অবিভক্ত অসমৰ শিক্ষাধিকাৰ হিচাপে নিযুক্ত হোৱাত তেখেতসকল শ্বিলঙলৈ যায় আৰু তাৰে ‘পাইন মাউণ্ট স্কুল’ত নামভৰ্তি কৰিছিল৷ ১৯৫৪ চনত তেখেতলোক পুনৰ গুৱাহাটীলৈ ঘূৰি আহে আৰু মামণি গোস্বামীক ‘তাৰিণী চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়’ত নামভৰ্তি কৰাই দিয়া হয়৷ ১৯৫৬ চনত মেট্ৰিকুলেশ্বন পৰীক্ষাত উত্তীৰ্ণ হয়। উচ্চ শিক্ষাৰ বাবে তেওঁ গুৱাহাটীৰে ‘সন্দিকৈ ছোৱালী মহাবিদ্যালয়’ত নামভৰ্তি কৰে৷
১৯৫৫ ৰ পৰা ১৯৬০ চনৰ সময়ছোৱা আছিল মামণি গোস্বামীৰ দুৰ্যোগৰ কাল৷ ১৯৫৫ চনত তেখেতৰ পিতৃ মৃত্যুৰ পাছত ১৯৬০ চনত তেখেতৰ প্ৰিয় খুৰাক চন্দ্ৰকান্ত গোস্বামীৰো আকস্মিক বিয়োগ ঘটে৷ এনে নানান ঘটনাই অতি সংবেদনশীল কৰি তোলে তেখেতৰ মনটো। নিঃসংগতাবোধেত ভুগে তেওঁ৷ আনকি তেখেত আত্মহত্যা কৰিবলৈকো আগবাঢ়িছিল কিন্তু সম্ভাব্য মৃত্যুৰ দুৱাৰ দলিৰ পৰা উভতি আহিছিল৷
১৯৬৫ চনত দাক্ষিণাত্যৰ পৰা অসমলৈ অহা তৰুণ অভিযন্তা মাধবেন ৰয়ছম আয়েংগাৰৰ লগত তেখেত বিবাহপাশত আবদ্ধ হয়৷ বিয়াৰ এবছৰ পাছতে তেখেতৰ জীৱনলৈ আৰু এটা গভীৰ সংকট নামি আহে৷ ১৯৬৭ চনত স্বামীৰ এক মটৰ দুঘৰ্টনাত মৃত্যুক সাবটি লয়৷ স্বামীৰ মৃত্যুৰ পিছত তেখেতে অসমলৈ ঘূৰি আহে।
মামণি ৰয়ছম গোস্বামীয়ে সাহিত্যৰ বিভিন্ন দিশত তেখেতৰ সৃজনী , তেখেতৰ সাহিত্যকমৰ্সমূহ তলত উল্লেখ কৰা হ’ল-
গল্প সংকলন : চিনাকি মৰম, কইনা, হৃদয় এক নদীৰ নাম, মামণি ৰয়ছম গোস্বামীৰ প্ৰিয় গল্প, নিৰ্বাচিত গল্প
উপন্যাস : চেনাবৰ সোঁত, নীলকণ্ঠী ব্ৰজ, অহিৰণ, মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস; সংস্কাৰ, উদয়ভানুৰ চৰিত্ৰ ইত্যাদি (এই গ্ৰন্থত এটা গল্প ‘সংস্কাৰ’ আৰু দুখন উপন্যাস— ‘উদয়ভানুৰ চৰিত্ৰ’ আৰু ‘সাপৰ চালৰ জোতা’ সন্নিৱিষ্ট হৈছে); দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা, আধা লেখা দস্তাবেজ (আত্মজীৱনীমূলক উপন্যাস), ঈশ্বৰী জখমী যাত্ৰী ইত্যাদি (এই গ্ৰন্থত দুটি গল্প দুখন ৰচনা আৰু ইউৰোপ ভ্ৰমণৰ ভেটিত ৰচনা কৰা ‘জখমী যাত্ৰী’ নামৰ উপন্যাসখন সন্নিৱিষ্ট কৰা হৈছে), তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা, দাশৰথীৰ পুত্ৰৰ খোজ, থেং ফাখ্ৰী তহচিলদাৰৰ তামৰ তৰোৱাল, উপন্যাস সমগ্ৰ (তেৰখন উপন্যাসৰ সংগ্ৰহ)৷
গৱেষণামূলক কৃতি : Ramayana from Gonga to Brahmaputra, Ravana in Kandali’s Assamese Ramayana and Tulsi’s Ramcharitra Manas, Comparative Study of the Characters of Ravana and Sita, Bani Kanta Kakati, History of Assamese literature since 1947, Assamese Metres, Assamese Drama, Ramabhakti in Sankardeva, Ankia Nats of Assam, Birendra Kumar Bhattacharya’s novel Mritunjoy.
অনুবাদ কৰ্ম : মুন্সী প্ৰেমচান্দৰ চুটি গল্প, আধা ঘণটা সময় (মালয়ালম উপন্যাস ‘আৰান জল্লিকা নেৰাম’ৰ অসমীয়া অনুবাদ), কলম (হিন্দী, উৰ্দু, পাঞ্জাবী, বাংলা, কাৰ্বি গল্পৰ সংকলন). শৰীষৰূপৰ কথা (শ্ৰীজী টাজিয়া আৰু কেঙুৰ জাপানী গল্পৰ অসমীয়া অনুবাদ), জাতক কথা, আহ্নিক৷
মামণি ৰয়ছম গোস্বামীৰ কেইবাখনো উপন্যাসৰ আধাৰত চলচিত্ৰ তথা কেইবাখনো ধাৰাবাহিক নিৰ্মাণ হোৱাৰ লগতে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বঁটাও লাভ কৰিছে৷
মামণি ৰয়ছম গোস্বামী সাহ্যিত কৃতিৰ বাবে বিভিন্ন সময়ত বিভিন্ন সন্মানেৰে সন্মানিত হৈছিল- ১৯৮৩ চনত ‘মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস’ৰ বাবে সাহিত্য অকাডেমি বঁটা, ১৯৮৮ চনত অসম সাহিত্য সভাৰ পৰা লাভ কৰা ‘বাসন্তী দেৱী সাহিত্য বঁটা’, ১৯৮৯ চনত ‘ভাৰত নিৰ্মাণ বঁটা’, ১৯৯৩ চনত ‘কথা’ পুৰস্কাৰ লাভ, ১৯৯৬ চনত ‘কমল কুমাৰী ফাউণ্ডেচন বঁটা’, ২০০১ চনত ভাৰতীয় সাহিত্যক্ষেত্ৰৰ শ্ৰেষ্ঠতম সন্মান ‘জ্ঞানপীঠ’ বঁটা লাভ কৰে৷ ২০০২ চনত ভাৰত চৰকাৰে তেখেতক ‘পদ্মশ্ৰী’ সন্মান আগবঢাইছিল যদিও ব্যক্তিগত কাৰণত তেখেত সেয়া গ্ৰহণ নকৰিলে৷ ২০০২ চনত তেখেতক ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ে ‘ডিলিট’ উপাধি প্ৰদান কৰে৷ একে বছৰতে অসমৰ আহোম ক’ৰ্টে তেখেতলৈ ‘মহীয়সী জয়মতী বঁটা’ আগবঢ়ায়৷ ২০০৬ চনত দক্ষিণ কোৰিয়াৰ ‘চিউলস্থিত ইণ্টাৰ ৰেলিজিয়াছ এণ্ড ইণ্টাৰনেচনেল ফেডাৰেশ্বন অৱ ৱল্ডৰ্ পিচে’ তেখেতক ‘Ambassador for Peore’ বঁটাৰে সন্মানিত কৰিছিল৷ ২০০৮ চনত ফৰাচী চৰকাৰে তেখেতলৈ Principal Prince Claus Award সন্মান আগবঢ়ায়৷ ২০০৯ চনত তেখেত ‘অশোক মোডী স্মৃতি সমাজ সেৱা’ বঁটাৰ দ্বাৰা সন্মানিত হয়৷ ২০০৯ চনত দিল্লী বিশ্ববিদ্যালয়ে তেখেতক ‘প্ৰফেচাৰ এমেৰিটাছ’ৰ খিতাপ প্ৰদান কৰিছিল৷ এনেদৰে বিভিন্ন বঁটা-বাহনেৰেও মামণি ৰয়ছম গোস্বামী বিভিন্ন সময়ত সান্মনিত হৈছিল৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + five =

Back to top button