শ্ৰেণীবিহীন

কংগ্রেছ ভোট বিভাজন কৰা পার্টি !

কংগ্রেছে বিকল্পৰ সন্ধান কৰাৰ সময় সমাগত

বিহাৰত অস্তিত্বহীন মহাগঠবন্ধন। শাসক পক্ষৰ জয়জয়কাৰ, বিধ্বস্ত বিৰোধী।

ৰাহুল গান্ধীৰ যোগ্যতাক লৈ প্ৰশ্নৰ অৱতাৰণ ! ইণ্ডিয়াত বোজা হৈ পৰিছে কংগ্ৰেছ ! বিহাৰত বিৰোধীক ধৰাশায়ী কৰি পুনৰ ক্ষমতালৈ আহিল এনডিএ ৷ লগে লগে বিভিন্ন বিৰোধী দলৰ একেটাই সুৰ- “বিজেপি বিৰোধী যুঁজৰ নেতৃত্ব ল’ব লাগে সফল নেতাই।”

মুলতঃ ইণ্ডি এলায়েঞ্চক নেতৃত্ব দিব পৰাকৈ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী কিমান যোগ্য, তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে বিভিন্ন দলে ৷ তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক কুণাল ঘোষৰ মন্তব্য- “বিজেপিৰ বিৰোধিতাত ব্যৰ্থ কংগ্ৰেছ। জয়ী কৰাবও নোৱাৰে, জয়ী হ’বও নোৱাৰে। বিকল্পৰ সন্ধান কৰাৰ সময় সমাগত।”

কংগ্রেছৰ ৰিম’ৰ্ট নিজৰ হাতত ৰখা ৰাহুল গান্ধীয়ে নির্বাচনৰ পূৰ্বে তেজস্বী যাদবক লৈ বিহাৰত উলিয়াইছিল ভোটাৰ অধিকাৰ যাত্রা ৷ ৰাহুলৰ নেতৃত্বত ভোটাৰ অধিকাৰ যাত্রা হৈছিল চাচাৰামৰ পৰা পাটনালৈ। কিন্তু নিৰ্বাচনত চাচাৰামৰ পৰা পাটনালৈ এই যাত্ৰা পথত পৰা বাল্মীকি নগৰ, কিশানগঞ্জ, মনিহাৰীতহে জয় হ’ল কংগ্ৰেছৰ। আন সকলো সমষ্টিত পৰাজিত হ’ল কংগ্ৰেছ৷ কংগ্রেছক আক্রমণৰ লক্ষ্য কৰি লৈছে AIMIM-য়েও৷ মিমৰ কটাক্ষ – কংগ্রেছ ভোট বিভাজন কৰা পার্টি ! বিৰোধীৰ ভোট কাটি বিজেপিক সহায় কৰে কংগ্ৰেছে !

কংগ্রেছে বাস্তৱ উপলব্ধি কৰি য’ত যি দল শক্তিশালী, তাত সেই দলক গুৰুত্ব দিয়া উচিত বুলি মন্তব্য একাধিক দলৰ৷ এই ৰূঢ় বাস্তৱ কংগ্রেছে উপলব্ধি কৰা উচিত বুলি মন্তব্য বিভিন্ন বিৰোধী দলৰ৷ এইবাৰ বিহাৰত NDAৰ অংশীদাৰী বিজেপিয়ে ৮৯খন, জেডিইউয়ে ৮৫খন, এলজেপিয়ে ১৯ খন, হিন্দুস্তান আৱাম মৰ্চাই ৫ খন, ৰাষ্ট্ৰীয় লোক মৰ্চাই ৪ খন আসন লাভ কৰে। ইয়াৰ বিপৰীতে মহাগঠবন্ধনৰ আৰজেডিয়ে ২৫খন, কংগ্ৰেছে ৬খন, চিপিআই(এমএল) লিবাৰেশ্যনে ২খন, চিপিএম-এ ১খন আসন লাভ কৰে। আনহাতে এ আই এম আই এম-এ পাঁচখন আৰু বিএছপিয়ে এখন আসনত জয়লাভ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + 17 =

Back to top button