খাদ্যস্বাস্থ্য

আম অকল সোৱাদেৰেই নহয়, গুণেৰেও পৰিপূৰ্ণ! ডায়েবেটিছৰ পৰা যৌন সমস্যালৈকে সকলো দুৰ কৰিব এইবিধ ‘ছুপাৰ ফ্ৰুটে’!……

আমৰ অসংখ্য উপকাৰীতাৰ কথা জানিলে আপোনাৰে এই ফলৰ প্ৰতি প্ৰেম বহুগুণে বৃদ্ধি পাব

আমৰ অসংখ্য উপকাৰীতাৰ কথা জানিলে আপোনাৰে এই ফলৰ প্ৰতি প্ৰেম বহুগুণে বৃদ্ধি পাব। আমৰ সোৱাদৰ কোনো তুলনা নাই। কিন্তু অকল সোৱাদযুক্তয়ে নহয়, স্বাস্থ্যৰ বাবেও আম বহু উপকাৰী।

আম আমি গৰমৰ দিনত কিয় খাব লাগে তাৰ শীৰ্ষ স্বাস্থ্যসন্মত কাৰণ কেইটামান তলত উল্লেখ কৰিলো…

ই কেন্সাৰৰ বিৰুদ্ধে যুঁজ দিয়াত সহায়ক:-
আমত কুৱেৰচেটিন, ফিচেটিন, আইছ’কুৱেৰচিট্ৰিন, এষ্ট্ৰাগালিন, গেলিক এচিড আৰু মিথাইল গেলেট আদি এন্টিঅক্সিডেন্ট থাকে। এই সকলোবোৰ গুণে আমাৰ শৰীৰক স্তন কেন্সাৰ, কলন কেন্সাৰ, প্ৰষ্টেট কেন্সাৰ আৰু লিউকেমিয়াৰ পৰা ৰক্ষা কৰে।

কলেষ্টেৰলৰ মাত্ৰা বজাই ৰখাত সহায় কৰে:-
আমত উচ্চ মাত্ৰাত ভিটামিন চি, ফাইবাৰ আৰু পেক্টিন থাকে যাৰ ফলত এইবিধ ফলে কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

ছাল পৰিষ্কাৰ কৰাত সহায় কৰে:-
আম খোৱাৰ আন এটা উপকাৰীতা হ’ল ই আপোনাৰ ছালখন শৰীৰৰ গভীৰতাৰ পৰা পৰিষ্কাৰ কৰে। অমে ছালৰ ছিদ্ৰৰ চিকিৎসা কৰে আৰু আপোনাৰ ছালখনক এক গ্লো দিয়ে। সেয়েহে আম খালে ত্ৰুটিহীন ছাল পোৱা যায়।

ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাত সহায় কৰে:-
আমে নহয়, আমৰ পাতো অতি উপকাৰী। ই ডায়েবেটিছ নিয়ন্ত্ৰিনত সহায় কৰে। গতিকে, ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকসকলে এটা পাত্ৰত ৫-৬ টা আমৰ পাত উতলাব লাগে। ৰাতিটো তিয়াই থৈ ফিল্টাৰ কৰা কাঠখিনি ৰাতিপুৱাই খাব লাগে। লগতে আমৰ গ্লাইচেমিক ইনডেক্স কম থাকে, আম পৰিমানে খালে তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি নহয়।

আপোনাৰ শৰীৰক ক্ষাৰকীয় কৰি তোলাত সহায় কৰে:-
যিহেতু আম টাৰ্টেৰিক আৰু মেলিক এচিডেৰে সমৃদ্ধ আৰু ইয়াত চাইট্ৰিক এচিডৰ লেখ-জোখ থাকে, সেয়ে ই আমাৰ শৰীৰৰ ক্ষাৰক ভাণ্ডাৰ বজাই ৰখাত সহায় কৰে।

ওজন কমাবলৈ এটা উপায়:-
যিহেতু আমত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু প্ৰয়োজনীয় পুষ্টিকৰ উপাদান থাকে, সেয়ে এটা আম খালেই আপুনি পেটটো ভৰপুৰ অনুভৱ কৰে। লগতে, যিহেতু ইয়াত আঁহযুক্ত উপাদান থাকে, সেয়েহে ই পাচনতন্ত্ৰৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰে আৰু শৰীৰৰ পৰা অবাঞ্চিত কেলৰি বাৰ্ণ কৰি দিয়ে। ইয়াৰ ফলত অতিৰিক্ত ওজন কমোৱাত সহায়ক হয়।

এবিধ কামোদ্দীপক ফল:-
আম এবিধ ‘প্ৰেমৰ ফল’। ইয়াৰ কামোদ্দীপক গুণ আছে যিয়ে পুৰুষৰ পুৰুষত্বও বৃদ্ধি কৰাত সহায় কৰে।

সুস্থ চকুৰ বাবে:-
আমত ভিটামিন ‘এ’ থাকে, যাৰ ফলত ই চকুৰ দৃষ্টিশক্তি বৃদ্ধিৰ বাবে এক ভাল ফল। ইয়াৰ উপৰিও চকু শুকান হোৱাৰ পৰা ৰক্ষা কৰে।

হিট ষ্ট্ৰোক ৰোধ কৰে:-
এই গ্ৰীষ্মকালীন ফলটোৱে হিট ষ্ট্ৰোক প্ৰতিৰোধ কৰাত সহায় কৰে। আম খালে শৰীৰটো নিমিষতে শীতল হৈ পৰে আৰু সেয়েহে আপোনাক মুহুৰ্ততে সতেজ কৰি তোলে।

গতিকে গ্ৰীষ্মকালত এই ‘ছুপাৰ ফ্ৰুট’ খাই গোটেই গৰমৰ বতৰতো ঠাণ্ডা হৈ থাকক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × two =

Back to top button