Social

আচৰিত! AMAZONEত অৰ্ডাৰ কৰিছিল ১ লাখ টকীয়া লেপটপ, পিছে অনলাইনত লেপটপৰ সলনি আহিল কুকুৰৰ খাদ্য

এজন ব্যক্তিয়ে নিজৰ কন্যাক বৰদিনৰ উপহাৰ দিবলৈ অৰ্ডাৰ কৰিছিল লেপটপটো

আচৰিত! AMAZONEত অৰ্ডাৰ কৰিছিল ১ লাখ টকীয়া লেপটপ, পিছে অনলাইনত লেপটপৰ সলনি আহিল কুকুৰৰ খাদ্য
সাধাৰণতে বৰ্তমান সময়ত অনলাইন শ্বপিঙেই আটাইতকৈ সহজলভ্য। খোৱা খাদ্যৰ পৰা আদি কৰি সকলোখিনি অনলাইনতেই উপলব্ধ। পিছে কেতিয়াবা কেতিয়াবা এই অনলাইন অৰ্ডাৰসমূহেও গ্ৰাহকক বৰ বেয়াকৈ ঠগন দি দিয়ে। যি দেখিবলৈ আৰু শুনিবলৈও সঁচাই আশ্চৰ্যজনক! পিছে তেনে এক ঘটনাৰ পুনৰাবৃত্তি হ’ল বগা চাহাবৰ দেশৰূপে পৰিচিত ইংলেণ্ডত। ইংলেণ্ডৰ ডেব্ৰিছশ্বাৰত বাস কৰা এজন ব্যক্তিয়ে নিজৰ কন্যাক বৰদিনৰ উপহাৰ দিবলৈ অনলাইন শ্বপিং চাইট AMAZONEৰ পৰা এটা বিলাসীপূৰ্ণ লেপটপ অৰ্ডাৰ কৰিছিল। পিছে অৰ্ডাৰ কৰিছিল ঠিকেই কিন্তু পাৰ্চেলত তেওঁ অৰ্ডাৰ কৰা লেপটপটোৰ সলনি ঘৰলৈ আহিল কুকুৰৰ খাদ্যহে। ডেইলী ষ্টাৰৰ বাতৰি অনুসৰি, এলানে এপলৰ মেকবুক প্ৰ’ লেপটপ অৰ্ডাৰ কৰিছিল যদিও পাৰ্চেল বক্সত কুকুৰৰ খাদ্যৰ দুটা পেকেট আহিছিল। এনে পৰিস্থিতিত এলেনে কোম্পানীটোৰ সৈতে যোগাযোগ কৰি ৰিফাণ্ড দিয়াৰ কথা ক’লে, কিন্তু প্ৰথমতে কোম্পানীয়ে ৰিফাণ্ড দিবলৈ অস্বীকাৰ কৰিছিল যদিও যেতিয়া কোম্পানীটোৱে নিজৰ ভুলটো বুজি পালে, তেতিয়া কৰ্মচাৰীসকলে এলেনৰ ওচৰত ক্ষমা খুজিলে আৰু লগতে তেওঁৰ ধন ঘূৰাই দিলে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight + 6 =

Check Also
Close
Back to top button