বলিউডমনোৰঞ্জন

মাতৃ হ’ল আলিয়া ভাট। কাপুৰ পৰিয়ালে আদৰিলে এটি দেৱকন্যা

আলিয়া-ৰণবীৰৰ জীৱনলৈ আহিল এটি কন্যা শিশু

বহু প্ৰতিক্ষাৰ অন্তত অৱশেষত আহিল সেই সুখবৰ। মাতৃ হ’ল অভিনেত্ৰী আলিয়া ভাট। আলিয়া-ৰণবীৰৰ জীৱনলৈ আহিল এটি কন্যা শিশু। কাপুৰ পৰিয়ালে আদৰিলে কন্যা শিশুক। মুম্বাইৰ এইচ এন ৰিলায়েন্স হাস্পতালত প্ৰথম সন্তান প্ৰসৱ কৰে অভিনেত্ৰীগৰাকীয়ে। এতিয়া এটি কন্যা সন্তানৰ পিতৃ-মাতৃ বলীউডৰ চৰ্চিত দম্পতীহাল।

 

আজি পুৱা ৭.৩০ বজাত মুম্বাইৰ গিৰগাঁৱৰ আম্বানী হাস্পতালত ভৰ্তি কৰে অভিনেত্ৰীগৰাকীক। আৰু তাতেই এটি সুস্থ কন্যা সন্তান জন্ম দিয়ে অভিনেত্ৰী আলিয়া ভাটে। উল্লেখ্য যে, জুন মাহত আলিয়া ভাট আৰু ৰণবীৰ কাপুৰে ঘোষণা কৰিছিল যে, তেওঁলোকে অতি সোনকালে পিতৃ-মাতৃত্বক আকোৱালি লৈ নতুন যাত্ৰা আৰম্ভ কৰিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 + 10 =

Back to top button