এক কৰুণ, হৃদয়বিদাৰক ঘটনা। স্বামীৰ মৃত্যুৰ দুখত প্ৰাণ এৰিলে পত্নীয়েও।
নিশা শুই থকা অৱস্থাত মৃত্যু ঘটিল উমাকান্ত ধৰৰ। স্বামীৰ মৃত্যুত শোকত ভাগি পৰিল পত্নী। গোটেই নিশা কান্দি-কান্দি পুৱা মৃত্যুক সাৱতিলে পত্নী অঞ্জনা ধৰেও। এই ঘটনা সংঘটিত হৈছে লখিমপুৰৰ হাৰমতিৰ কাঠনিত।
একেখন চিতাতে জ্বলিল স্বামী আৰু পত্নীৰ মৃতদেহ। লখিমপুৰত ঘটনাক কেন্দ্ৰ কৰি এতিয়া বিৰাজ কৰিছে শোকাকুল পৰিৱেশে।