CricketIPLSportsখেল

চৰকাৰী চাকৰিৰ বাবে এৰিব বিচাৰিছিল ক্ৰিকেট, মাত্ৰ এটা বলে সলনি কৰিলে অশোক শৰ্মাৰ জীৱন!

ঘণ্টাত ১৫৪.৭ কিলোমিটাৰ বেগত দিয়া এটা বল। সেই ডেলিভাৰীৰ জৰিয়তে তেওঁ আই পি এলৰ ইতিহাসত সৰ্বকালৰ অন্যতম দ্ৰুত বলাৰ হিচাপে নিজৰ নাম খোদিত কৰিছিল খেলুৱৈগৰাকীয়ে।

আই পি এল হৈছে সেই মঞ্চ য’ত বহু তাৰকাৰ জন্ম হয়। য’ত বিৰল প্ৰতিভাই নিজৰ প্ৰকৃত স্বীকৃতি লাভ কৰে। বৰ্তমান গুজৰাট টাইটানছৰ হৈ খেলা অশোক শৰ্মা তেনে এজন খেলুৱৈ। ৪ এপ্ৰিলত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলখনত গুজৰাট টাইটানছৰ পৰাজয়ৰ সন্মুখীন হৈছিল যদিও অশোক শৰ্মাৰ প্ৰদৰ্শনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। এই ক্ষেত্ৰত তেওঁ কৰা আটাইতকৈ দ্ৰুত বলিঙে আটাইতকৈ উল্লেখযোগ্য প্ৰভাৱ পেলাইছিল। ঘণ্টাত ১৫৪.৭ কিলোমিটাৰ বেগত দিয়া এটা বল। সেই ডেলিভাৰীৰ জৰিয়তে তেওঁ আই পি এলৰ ইতিহাসত সৰ্বকালৰ অন্যতম দ্ৰুত বলাৰ হিচাপে নিজৰ নাম খোদিত কৰিছিল খেলুৱৈগৰাকীয়ে।

অৱশ্যে শিখৰত উপনীত হোৱাৰ যাত্ৰা অশোক শৰ্মাৰ বাবে সহজ আছিল। তেওঁ আছিল সেইজন খেলুৱৈ যিয়ে তিনি বছৰৰ পূৰ্বে ক্ৰিকেট এৰি চৰকাৰী চাকৰিয়াল হিচাপে কাম কৰাৰ সিদ্ধান্ত লৈছিল। ২৩ বছৰ অনুৰ্ধ পৰ্যায়ত সুযোগৰ অভাৱত হতাশ হৈ তেওঁ প্ৰতিযোগিতামূলক চৰকাৰী নিযুক্তি পৰীক্ষাৰ প্ৰস্তুতি আৰম্ভ কৰিছিল। লগতে পথাৰত দেউতাকৰ কামত সহায়ো কৰিছিল। এই সময়তে কৃষকৰ পুত্ৰৰ ক্ৰিকেট কেৰিয়াৰত যেন এক সঞ্জীৱনীৰ উন্মেষ ঘটিছিল।

ইতিমধ্যে ক্ৰিকেট ত্যাগ কৰাৰ সংকল্প লোৱা অশোক শৰ্মাই হঠাতে এটা বিশেষ টেলেণ্ট হাণ্ট ইভেণ্টত অংশগ্ৰহণৰ সিদ্ধান্ত ল’লে। কিন্তু তেওঁ তাত পঞ্জীয়ন কৰাৰ সুযোগ হেৰুৱালে। কিন্তু সেই সময়ত বিচলিত নহৈ অশোক শৰ্মাই টেলেণ্ট হাণ্টৰ আয়োজকক বুজাবলৈ সক্ষম হ’ল যে তেওঁক মাত্ৰ এটা ডেলিভাৰীৰ অনুমতি দিব লাগে। তেওঁ মাত্ৰ এটা বল কৰাৰ সুযোগ বিচাৰিলে। টেলেণ্ট হান্টৰ আয়োজকসকলে অশোক শৰ্মাৰ অনুৰোধ ৰক্ষা কৰি একক ডেলিভাৰী বল কৰাৰ সুযোগ প্ৰদান কৰে। তেওঁৰ সুযোগ লাভ কৰাত অশোক শৰ্মাই চেণ্ডেল পিন্ধি আছিল। কাৰণ তেতিয়া পিন্ধিবলৈ তেওঁৰ উপযুক্ত জোতা নাছিল। সেয়ে তেওঁ চেণ্ডেল পিন্ধিয়ে বলিং কৰাৰ সিদ্ধান্ত ল’লে। চেণ্ডেল পিন্ধি বলিং কৰি অশোক শৰ্মাই সেই বলটো ১৪০ কিলোমিটাৰ বেগত ডেলিভাৰী কৰিছিল আৰু সেই এটা মুহূৰ্তৰ লগে লগে তেওঁৰ পৃথিৱীখন ওলোটা হৈ পৰিল।

অশোক শৰ্মা, যিজনে চৰকাৰী চাকৰিৰ বাবে ক্ৰিকেট এৰি দিয়াৰ কথা চিন্তা কৰি আছিল সেই গুৰুত্বপূৰ্ণ ঘটনাৰ পিছত কেতিয়াও পিছলৈ ঘূৰি চাব লগা হোৱা নাছিল। ২০২৫-২৬ চনৰ চৈয়দ মুস্তাক আলী ট্ৰফী (এছ এম এ টি)ত তেওঁ খেলা ১০ খন গ্ৰুপ ষ্টেজৰ মেচত ২২ টা উইকেট দখল কৰিছিল। তাত তেওঁ গ্ৰুপ পৰ্যায়ত সৰ্বাধিক উইকেট লোৱাৰ অভিলেখ ভংগ কৰে।

অৱশেষত ২০২৬ চনৰ আই পি এল ছিজনত তেওঁ অভিষেক ঘটায়। য’ত তেওঁ নিজৰ শক্তি প্ৰদৰ্শন কৰি বিপক্ষৰ বেটছমেনক প্ৰতিহত কৰিবলৈ সক্ষম হৈছে। গুজৰাট টাইটানছৰ মুখ্য প্ৰশিক্ষক আশীষ নেহৰাই অশোক শৰ্মাৰ ওপৰত যি অপৰিসীম বিশ্বাস ৰাখিছে, তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ টিম ইণ্ডিয়াত প্ৰৱেশৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − 11 =

Back to top button