তুৰ্কীত প্ৰলয়ংকাৰী বান৷ বানৰ কবলত পৰিছে দেশখনৰ কেইবাখনো চহৰ৷
তুৰ্কীত যোৱা কেইবাদিনো ধৰি অব্যাহত থকা মুষলধাৰ বৰষুণৰ বাবে কেইবাখনো নদী উফন্দি উঠে৷ নৈৰ বাঢ়নী পানীয়ে আৰহাভি, আইভিন চহৰ সম্পূৰ্ণৰূপে বুৰাই পেলাই৷ ৰাজপথত বানৰ ঢলে উটুৱাই নিয়ে যানবাহন৷
এই ভয়াৱহ বানত প্ৰভাৱিত হৈছে কেইবা সহস্ৰাধিক লোক৷ মৃত্যু হৈছে অৰ্ধ শতাধিক লোকৰ৷ তুৰ্কী প্ৰশাসনে বানাক্ৰান্ত লোকসকলক নিৰাপদ স্থানলৈ স্হানান্তৰিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷