Covid-19আন্তঃৰাষ্ট্ৰীয়স্বাস্থ্য

একে সময়তে ক’ভিডৰ দুটা ভেৰিয়েন্টৰ সংক্ৰমণ, ৯০ বছৰীয়া বৃদ্ধাৰ মৃত্যু

বয়সীয়া মহিলাৰ শৰীৰত একে সময়তে ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ দুটাকৈ প্ৰজাতি

ক’ভিড-১৯এ সমগ্ৰ বিশ্বতে কাল ৰূপ ধাৰণ কৰাৰ সময়তে এগৰাকী বয়সীয়া মহিলাৰ শৰীৰত একে সময়তে ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ দুটাকৈ প্ৰজাতি। ভাইৰাছৰ দুটাকৈ প্ৰজাতিৰ বলি হৈ বেলজিয়ামত মৃত্যুমুখত পৰিছে এগৰাকী ৯০ বছৰীয়া বৃদ্ধা।

ক’ভিডৰ আলফা আৰু বেটা ভেৰিয়েন্টৰ সংক্ৰমণ হৈছিল বৃদ্ধাগৰাকীৰ দেহত। উল্লেখযোগ্য যে, বৃদ্ধাগৰাকীয়ো লোৱা নাছিল ক’ভিডৰ কোনো ভেকচিন।

অকলশৰীয়াকৈ থকা বৃদ্ধাগৰাকীক শাৰীৰিক অসুস্থতাৰ বাবে বেলজিয়ামৰ অ এল ভি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। হাস্পতালত ভৰ্তি কৰোৱাৰ পাঁচ দিন পাছতেই মৃত্যুমুখত পৰিছিল মহিলাগৰাকী। হাস্পতাল কৰ্তৃপক্ষই পৰৱৰ্তী সময়ত মহিলাগৰাকীৰ দেহত ধৰা পেলায় ব্ৰিটেইনত উদ্ভৱ হোৱা আলফা ভেৰিয়েন্ট আৰু দক্ষিণ আফ্ৰিকাত উদ্ভৱ হোৱা বেটা ভেৰিয়েন্ট। একে সময়তে কোনো ব্যক্তিৰ শৰীৰত ক’ভিডৰ দুটাকৈ ভেৰিয়েন্টৰ উপস্থিতি ধৰা পৰাটো এক বিৰল ঘটনা বুলি উল্লেখ কৰিছে বেলজিয়ামৰ চিকিৎসা বিভাগে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 2 =

Check Also
Close
Back to top button