অসমখেলভাৰত

শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে! দ্ৰুততম গতিত অৰ্জন কৰিলে ২৫,০০০ ৰাণ

বিৰাট কোহলি আন্তঃৰাষ্ট্ৰীয় ক্রিকেটত ২৫,০০০ ৰাণ সংগ্ৰহ কৰা দ্ৰুততম খেলুৱৈ হৈ পৰিছে

বিৰাট কোহলি আন্তঃৰাষ্ট্ৰীয় ক্রিকেটত ২৫,০০০ ৰাণ সংগ্ৰহ কৰা দ্ৰুততম খেলুৱৈ হৈ পৰিছে। তেওঁ এইক্ষেত্ৰত শচীন তেণ্‌ডুলকাৰকো অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ বিৰাট কোহলিয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৫,০০০ ৰাণ সম্পূৰ্ণ কৰিছে। ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়কজনে শচীন তেণ্‌ডুলকাৰ আৰু ৰিকি পন্টিংক এই অভিলেখৰ ক্ষেত্ৰত অতিক্ৰম কৰি নজিৰ সৃষ্টি কৰিছে।

পৰিসংখ্যা অনুসৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৫,০০০ ৰাণ সম্পূৰ্ণ কৰিবলৈ শচীনক ৫৭৭ ইনিংছ লাগিছিল। বিৰাটে ৫৪৯ টা ইনিংছতে সেইনজিৰ গঢ়িবলৈ সক্ষম হৈছে৷ অর্থাৎ, বিৰাটে শচীনতকৈ ২৮ টা ইনিংছ কম খেলি সেই অভিলেখ গঢ়িলে। উল্লেখ্য বিৰাট কোহলিয়ে ৫৪৯ টা ইনিংছত ২৫,০০০ ৰাণ সম্পূৰ্ণ কৰে। গড় হৈছে ৫৩.৬৪। তেওঁৰ কেৰিয়াৰত মুঠ খেলৰ সংখ্যা হৈছে ৪৯২ খন।

আনহাতে শচীন তেণ্‌ডুলকাৰে ৫৭৭ টা ইনিংছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৫,০০০ ৰাণ সম্পূৰ্ণ কৰিছিল। সামগ্ৰিকভাৱে, তেওঁ ৬৬৪ খন মেচত ৩৪,২৫৭ ৰাণ সংগ্ৰহ কৰিছিল। গড় আছিল ৪৮.৫২।

ৰিকি পন্টিঙৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৫,০০০ ৰাণ সম্পূৰ্ণ কৰিবলৈ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়কগৰাকীক ৫৮৮ ইনিংছ লাগিছিল। সামগ্ৰিকভাৱে, তেওঁ ৫৬০ খন মেচ খেলিছিল। তেওঁ ২৭,৪৮৩ ৰাণ সংগ্ৰহ কৰিছিল। গড় আছিল ৪৫.৯৫।

কুমাৰ চাংগাকাৰাই ৬০৮ টা ইনিংছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৫,০০০ ৰাণ সম্পূৰ্ণ কৰিছিল। তেওঁ তেওঁৰ দীঘলীয়া ক্ৰিকেট কেৰিয়াৰত মুঠ ৫৯৪ খন খেল খেলিছিল। তেওঁ ২৮,০১৬ ৰাণ সংগ্রহ কৰিছিল। গড় আছিল ৪৬.৭৭।

শ্ৰীলংকাৰ ক্ৰিকেট তাৰকা মাহেলা জয়বর্ধনে ৭০১ টা ইনিংছত ২৫,০০০ ৰাণৰ সীমা অতিক্রম কৰিছিল। তেওঁ তেওঁৰ কেৰিয়াৰত ৬৫২ খন খেলত ২৫,৯৫৭ ৰাণ সংগ্ৰহ কৰিছিল। গড় আছিল ৩৯.১৫।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 − four =

Back to top button