দুৰ্ঘটনামহাৰাষ্ট্ৰ
ক’ভিড ৱাৰ্ডৰ ICUত ভয়ংকৰ অগ্নিকাণ্ড, মৃত্যুক সাৱটিলে ১০ জন ৰোগীয়ে
অগ্নিকাণ্ডৰ সময়ত ক'ভিড ৱাৰ্ডত আছিল ১৭ জন ৰোগী।
মহাৰাষ্ট্ৰৰ অসামৰিক চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড। শনিবাৰে মহাৰাষ্ট্ৰৰ আহমেদনগৰৰ এখন চিকিৎসালয়ত সংঘটিত হয় অগ্নিকাণ্ড।
ক’ভিড ৱাৰ্ডৰ ICUত জুই লগাৰ ফলত মৃত্যুক সাবটি লয় ১০ জন ৰোগীয়ে। অগ্নিকাণ্ডৰ সময়ত ক’ভিড ৱাৰ্ডত আছিল ১৭ জন ৰোগী।
ভিডিঅ’ প্লে’য়াৰ
00:00
00:00
শনিবাৰে দিনৰ ১১ বজাত সংঘটিত এই অগ্নিকাণ্ড। অগ্নিৰ ফলত মৃত্যুক সাবটিলে ১০ জন ৰোগীয়ে। আনহাতে, আঘাতপ্ৰাপ্ত হয় চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা আন বহুকেইজন ৰোগী।