আবকাৰী বিভাগে অধিক ৰাজহ সংগ্রহৰ লক্ষ্যৰে সুৰাৰ হোম ডেলিভাৰী দিয়াৰ বাবে আঁচনি গ্রহণ কৰিছে৷
প্রথমে পৰীক্ষামূলকভাৱে গুৱাহাটীত সুৰাৰ হোম ডেলিভাৰী দিয়া হ’ব৷ যদিহে আবকাৰী বিভাগে বিচৰা ধৰণে গুৱাহাটীত সুৰাৰ হোম ডেলিভাৰী সফল হয়, তেন্তে পৰৱর্তী সময়ত অন্যান্য জিলাসমূহতো সুৰাৰ হোম ডেলিভাৰী সেৱা প্রদান কৰা হ’ব৷
ক’ভিডসৃষ্ট পৰিস্থিতি ভাললৈ আহিলেই সুৰাৰ বিপণীসমূহে নিজাববীয়াকৈ হোম ডেলিভাৰী দিব পাৰিব সুৰাৰ।