পুনৰ এবছৰৰ অপেক্ষাৰ অন্ত পৰিল। আজি হেঁপাহৰ উৰুকা, পৰহিলৈ দোমাহি৷ পদুলি মুখৰ ভোগালী বিহুৰ সৈতে চহকী অসমীয়া জাতিৰ একাত্মবোধ আজন্ম, অনন্য৷ ভোগালী মানেই ভোগ আৰু আনন্দৰ সমাহাৰ৷
কিন্তু জাতিৰ সন্ধিক্ষণত ভোগালীৰ ব্যাপক আয়োজন বিগত দুবছৰত কিছু কম৷ ৰাজ্যজুৰি কৰ’ণাৰ ত্ৰাস। কিন্তু ম্লান কৰিব পৰা নাই জাতিৰ উচাহ। আজি নিশা সকলোৱে লগে-ভাগে এসাঁজ খাব আৰু দোমাহিৰ দিনা মেজিৰ জুইত দাহ কৰিব অসূয়া অপ্ৰীতি৷
উৰুকাৰ বজাৰখনৰ বিগত বছৰকেইটাৰ দৰে কোনো হীনদেড়ি হোৱা নাই৷ মাছ-মঙহৰ পৰা চাউল, গুৰ, তিল-নাৰিকল আদি খাদ্য সামগ্রীৰ চ’ৰা দাম একেই আছে৷ গুৱাহাটীৰ বজাৰ ভৰিছে মহৰ দৈ, পিঠা-পনাৰে৷ কিন্তু ভোগালীৰ মহা আয়োজন মহানগৰীতো এইবাৰ বহুখিনি নিস্তেজ৷ অৱশ্যে দুখ-দর্দশা, অভাৱ সকলো কাটি কৰি বিহু সদায় অসমীয়াৰ বাপতি সাহোন৷ জাতিয়ে সন্মুখীন হোৱা জটিল পৰিস্থিতি আৰু প্রতাৰণাৰ সময়তো তেনে অনুভৱৰ পৰা অসমীয়াক কোনেও আঁতৰাই পঠিয়াব নোৱাৰে৷ সেয়েহে উৰুকাৰ প্রস্তুতি আৰু ভোগালীৰ আয়োজনত অসমীয়াই কৃপণালি কৰা নাই৷