Socialঅৰ্থনৈতিকঅসম

ষষ্ঠ শ্ৰেণীত থাকোতে তুলঙা নাওৰে ৯৭ জনৰ প্ৰাণ ৰক্ষা কৰা ভূগেশ্বৰ পগাগ এতিয়া পথৰ ভিক্ষাৰী

মেট্ৰিক পাছ কৰিলেই এজন ব্যক্তিক ৰাষ্ট্ৰপতিয়ে চাকৰি দিব৷ ১৯৮০ চনত এই প্ৰতিশ্ৰুতি দিছিল তেতিয়াৰ ভাৰতৰ ৰাষ্ট্ৰপতি নিলম সঞ্জীৱ ৰেড্ডিয়ে৷ কিন্তু সেইগৰাকী ব্যক্তিয়ে আজি পাৰ কৰিবলগা হৈছে দিন হাজিৰা কৰি৷ এই ঘটনা শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বামুণিপামৰ৷

১৯৭৯ চনত জীয়াভৰলী নদীৰ এক ভয়ানক বানপানীত বামুণী পাম অঞ্চলৰ এক বিস্তৃন্ন অঞ্চল পানীত ডুব গৈছিল৷ নিশাৰ ভিতৰতে অহা বানপানীত ঘৰৰ মুধছ পৰ্যন্ত ডুৱ গৈছিল৷ সৃষ্টি হৈছিল হাহাকাৰ পৰিস্থিতি৷ সেই সময়ত ষষ্ঠ শ্ৰেণীত পঢ়ি থকা ১৩ বছৰীয়া ভুগেশ্বৰ পগাগে নাওলৈ ৯৭ গৰাকী লোকৰ প্ৰাণ ৰক্ষা কৰিছিল৷

১৯৮০ চনৰ ২৬ জানুৱাৰীত দিল্লীত সেই সময়ৰ ৰাষ্ট্ৰপতি নিলম সঞ্জীৱ ৰেড্ডিয়ে ভুগেশ্বৰ পগাগক মেডেল সহ সাহসিকতাৰ বঁটা প্ৰদান কৰিছিল আৰু মেট্ৰিক পাছ কৰিলে এটি চাকৰী দিয়াৰ প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু সেইয়া হৈ নুঠিল৷ এতিয়া ভূগেশ্বৰ পগাগ পথৰ ভিক্ষাৰী৷ অৱশ্যে আৰ্থিক অনাতনৰ বাৱে ভূগেশ্বৰে মেট্ৰিকো পাছ কৰিব নোৱাৰিলে৷ সম্প্ৰতি দিন হাজিৰা কৰি পেট প্ৰৱৰ্ত্তোৱা ৫৪ বছৰীয়া ভূগেশ্বৰ পগাগক সাহসিকতাৰ চিন স্বৰূপে শেহতীয়াকৈ হলেও এটি কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰাৰ দাৱী জনাইছে স্থানীয় সচেতন ৰাইজে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five + 13 =

Back to top button