Socialঅসমজীৱনশৈলীস্বাস্থ্য

বিশেষভাৱে সক্ষম এজন ব্যক্তিৰ জীৱন সংগ্ৰামে নিদৰ্শন দেখুৱাইছে বহুজনৰ সন্মুখত

এখন হাতেৰেই জীৱননিৰ্বাহ কৰিছে ব্যক্তিজনে

এখন হাতেৰেই জীৱননিৰ্বাহ কৰিছে এজন ব্যক্তিয়ে। ব্যক্তিজনৰ অকথ্য জীৱন সংগ্ৰামে এতিয়া উৎকৃষ্ট নিদৰ্শন দেখুৱাইছে আন বহুজনৰ সন্মুখত।

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত পদুমনিৰ প্ৰকাশ কুমাৰ গায়ন নামৰ এজন লোক বিশেষভাৱে সক্ষম ব্যক্তি। ২০০৪ চনত শিলঘাট মৰাপাট কাৰখানাত কৰ্মৰত অৱস্থাত এটা দূৰ্ঘটনাত পতিত হৈ প্ৰকাশ কুমাৰ গায়নে হেৰুৱাব লগীয়া হৈছিল নিজৰ সোঁহাতখন। ইমানৰ পিছতো সংযম নেহেৰুৱাই ব্যক্তি গৰাকীয়ে পূৰ্ণোদ্যমে জপিয়াই পৰিছিল জীৱন যুঁজত।

এখন হাতেৰেই প্ৰথম অৱস্থাত দিনহাজিৰা কৰি, ঘৰৰে ব্ৰইলাৰ ফাৰ্মত কাম কৰি পোহপাল দিবলৈ সক্ষম হৈছিল পত্নী, দুই জীয়ৰী আৰু এটি পুত্ৰসহ তেওঁৰ সৰু পৰিয়ালটোক। শেহতীয়াকৈ বিশেষভাৱে সক্ষম প্ৰকাশে পদুমনি চাৰিআলিত সৰুকৈ এখন দোকান আৰম্ভ কৰি বিক্ৰী কৰিবলৈ লৈছে চাহ, ৰুটি, পকৰী আদি নিজে ৰন্ধা বিভিন্ন ব্যঞ্জনৰ লগতে গেলামালৰ সামগ্ৰী।

এখন হাত অবিহনে কাৰো সহায় নোলোৱাকৈয়ে দোকানখনত প্ৰকাশে অনায়াসে কৰি গৈছে সকলোবোৰ সৰু-বৰ কাম। তাকে দেখি অভিভূত হৈ পৰে স্থানীয় ৰাইজৰ লগতে দোকানখনলৈ অহা গ্ৰাহক সকলো।

কিন্তু উদ্বেগৰ বিষয় যে, এখন হাত নথকা বিশেষভাৱে সক্ষম প্ৰকাশ কুমাৰ গায়নৰ অতি কষ্টকৰ জীৱন যুঁজৰ জীয়া ছবি খন দেখা পায়ো আজিকোপতি তেওঁক কোনো সাহাৰ্য্য চৰকাৰী পক্ষই প্ৰদান কৰা নাই বুলি সংবাদ মাধ্যমৰ সন্মুখত চৰম অসন্তুষ্টি প্ৰকাশ কৰে প্ৰকাশে।

চামগুৰি পদুমনিৰ এই বিশেষ ব্যক্তি জনক চৰকাৰ তথা সংশ্লিষ্ট বিভাগে পৰ্য্যাপ্ত সাহাৰ্য্য প্ৰদান কৰি তেওঁৰ লগতে তেওঁৰ সৰু পৰিয়ালটোক সাময়িকভাৱে সকাহ কৰিবৰ বাবে এতিয়া আহ্বান জনাইছে অঞ্চলটোৰ স্থানীয় একাংশই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 1 =

Back to top button