Covid-19অসমভাৰত

চিকিৎসালয়ৰ পৰা ক’ভিড ৰোগীৰ পলায়ন

ৰাজ্যৰখনত এক ভয়ংকৰ ঘটনা৷ এখন চিকিৎসালয়ৰ পৰা ক’ভিড ৰোগীৰ পলায়ন৷

ধুবুৰীৰ গৌৰীপুৰত ৩০ খন বিছনাযুক্ত চিকিৎসালয়ত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা৷ মহামাৰী কৰ’না সংক্ৰমন দ্ৰুত হাৰত বৃদ্বি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিড ভেকচিন লোৱাৰ বাৱে হেতাওপৰা চলি থকা সময়তে গৌৰীপুৰ ৩০ খন বিছনাযুক্ত চিকিৎসাল গৌৰীপুৰ চহৰৰ ২ নং ওৱাৰ্ডৰ বাসিন্ধা জয়ৰত্ন দাস গুপ্তা নামৰ ৪১ বছৰীয়া ব্যাক্তি এজনে ক’ভিড টেষ্ট কৰি পজিটিভ হয়৷ কৰো’ণাত পজিটিভ হোৱাৰ লগে-লগেই জয়ৰত্ন দাস গুপ্তা নামৰ লোক জনে ৰহস্যজনক ভাৱে চিকিৎসালয়ৰ পৰা পলায়ন কৰা ঘটনাই চিকিৎসালয় খনত উপস্থিত থকা লোক সকলৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে৷

চিকিৎসালয়ত কোনো ব্যাক্তি ক’ভিড পজিটিভ হোৱাৰ পিছত সম্পূৰ্ণ দায়িত্ব চিকিৎসালয় খনৰ কতৃপক্ষৰ ওপৰত ন্যস্ত থাকে যদিও চিকিৎসালয় খনৰ কৰ্মৰত বিষয়া কৰ্মচাৰীৰ গাফলতি বাবে এনেধৰণৰ ঘটনা সংগঠিত হয়৷ চিকিৎসালয়খনৰ বিষয়া কৰ্মচাৰীসকলে ক’ভিড পজিটিভ লোক জনৰ কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰি লোক জনক ঘৰলৈ যাবলৈ দিয়া ঘটনাত এতিয়া সৰ্বএে আতংময় পৰিৱেশৰ সৃষ্টি হৈছে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + one =

Back to top button