অসমপৰিৱেশ

কুইন্টলে-কুইন্টলে ওপঙিছে মৰা মাছ, মূৰে-কপালে হাত দিছে মীন পালকে

কোনো দুৰ্বৃত্তই পানীত বিহ মিহলাই মাছ মৰাৰ কথা সন্দেহ কৰিছে একাংশ মীন পালকে

মহানগৰীত পুনৰ সংঘটিত হৈছে মাছৰ আকস্মিক মৃত্যুৰ ঘটনা। কিছুদিন পূৰ্বে মহানগৰীৰ দীঘলী পুখুৰীত অক্সিজেনৰ অভাৱত মৃত্যু হৈছিল শতাধিক মাছৰ। শুকুৰবাৰে একে ঘটনাৰে পুনৰাবৃত্তি হ’ল মহানগৰীৰ ধাৰাপুৰত। ধাৰাপুৰত মাছৰ আকস্মিক মৃত্যুয়ে এতিয়া সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

ধাৰাপুৰৰ আনন্দ কলিতা নামৰ ব্যক্তিজনে প্ৰায় ডেৰ বিঘা মাটিত থকা এটি পুখুৰীত মাছ পুহি আৰম্ভ কৰিছিল মীন পালনৰ ব্যৱসায়। সময় মতে পুখুৰী পৰিষ্কাৰ কৰাৰ লগতে মাছৰ খাদ্য উপযুক্ত সময়ত যোগান ধৰিছিল ব্যক্তিজনে। কিন্তু দুৰ্ভাগ্যজনকভাৱে আনন্দ কলিতাৰ পুখুৰীত আকস্মিক মৃত্যু ঘটে পোহনীয়া মাছৰ।

বিভিন্ন প্ৰকাৰৰ মাছ থকা পুখুৰীটোত হঠাৎ মাছৰ মৃত্যু হোৱাত চিন্তিত হৈ পৰিছে ব্যৱসায়ী আনন্দ কলিতা। এতিয়া পৰ্যন্ত জানিব পৰা হোৱা নাই মাছৰ মৃত্যুৰ প্ৰকৃত কাৰণ। কোনো দুৰ্বৃত্তই পানীত বিহ মিহলাই মাছ মৰাৰ কথা সন্দেহ কৰিছে একাংশ মীন পালকে।

নিজৰ পুখুৰীতে বিভিন্ন প্ৰকাৰৰ মাছৰ মৃত্যুত এতিয়া কান্দোনত ভাঙি পৰিছে মীন পালক আনন্দ কলিতা। এই ঘটনাক কেন্দ্ৰ কৰি ধাৰাপুৰ অঞ্চলৰ মীন পালকৰ মাজত সৃষ্ঠি হৈছে তীব্ৰ চাঞ্চল্যৰ। অতি শীঘ্ৰেই এই ঘটনাৰ তদন্ত কৰিবলৈ মীন বিভাগক দাবী জনাইছে স্থানীয় ৰাইজে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + fifteen =

Check Also
Close
Back to top button